ডিজিটেল সংবাদ বেবেজীয়াঃ মহাপুৰুষ গুৰুজনাৰ সৃষ্ট শংকৰী কলা-সংস্কৃতিক বুকুত বান্ধি দশক দশক জুৰি নিজ নিজ অঞ্চলত প্ৰচাৰ আৰু প্ৰসাৰ কৰি ফুৰা বৰবায়ন মিলিক ডেকাই ৭২ বছৰ বয়সতো লাভ নকৰিলে চৰকাৰী শিল্পী পেঞ্চন। নগাঁও জিলাৰ সৰাগাৱৰ সমীপৰ কটহগুৰিত জন্ম লাভ কৰা বৰবায়ন মিলিক ডেকাই বিগত ৪৭ বছৰে শংকৰী কলা-সংস্কৃতিৰ সাধনাৰে প্ৰচাৰ কৰি আহিছে।
১৯৭১ চনত ৰহা হাৰিয়ামুখৰ শ্ৰীশ্ৰী দিহিং সত্ৰত ধৰ্মীয় দীক্ষাত শৰণলৈ দীক্ষিত হয়। শংকৰী কলা-সংস্কৃতিৰ প্ৰতি থকা একান্ত ইচ্ছা আৰু একাগ্ৰতাৰ বাবে ১৯৭৫ চনত সমাজৰ "বৰবায়ন" হিচাপে দায়িত্ব লাভ কৰে আৰু তেতিয়াৰ পৰা বৰ্তমান সময়লৈকে সমাজৰ এজন বৰবায়ন হিচাপে দায়িত্ব পালন কৰি আহিছে।
কৃষি কৰ্মৰে নিজৰ জীৱন জীৱিকা পালন কৰা বৰবায়নে সামাজিক দায়িত্ববোধত একাত্ম হৈ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শৰে সত্ৰীয়া-কলা, সংস্কৃতিক স্থানীয় অঞ্চলৰ লগতে বিভিন্ন ঠাইতো প্ৰচাৰ আৰু প্ৰসাৰ কৰি ধৰ্মীয় চেতনাৰে অসমীয়া সমাজ জীৱনক আগুৱাই নিবলৈ কাম কৰি আছে। বিগত ৪৭ বছৰে এনেদৰে নিৰলস প্ৰচেষ্টা আৰু সাধনাৰে সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধনাত ব্ৰতী হৈ আছে যদিও আজিও চৰকাৰী স্বীকৃতিৰ পৰা উপেক্ষিত হৈ আহিছে।
কিন্তু পৰিতাপৰ বিষয় যে, বৰবায়ন মিলিক ডেকাৰ দৰে স্থানীয় গ্ৰামাঞ্চলসমূহত বহু সংখ্যক ব্যক্তিয়ে বায়ন, গায়নৰ দৰে দায়িত্বলৈ নিজৰ স্বাৰ্থ ত্যাগ কৰি ৰাজহুৱা কৰ্ম কৰি গৈছে। কেৱল সত্ৰীয়া কলা-সংস্কৃতিয়ে নহয়, নাটক, বিহুগীত, লোকসংগীত, অভিনয়, ভাওনা সংস্কৃতি, গীত-মাত, নৃত্য আদি ক্ষেত্ৰতো ওৰেটো জীৱন উচৰ্গা কৰা পাছতো চৰকাৰৰ সাহাৰ্য বা দৃষ্টিত নপৰাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে বিভিন্ন দল,সংগঠনে।
এই ক্ষেত্ৰত বটদ্ৰবা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰাই কয় যে, অসমীয়া শংকৰী কলা-সংস্কৃতি তথা সত্ৰীয়া, ভাওনা, নৃত্য, অভিনয়, গীত-মাত আদিৰ যিসকল গ্ৰামাঞ্চলৰ সাধক আছে তেওঁলোকৰ অৱস্থা অতি দুখজনক। চৰকাৰে সৰ্বপ্ৰথমে এইসকলক চৰকাৰী সাহাৰ্য প্ৰদান কৰিব লাগে।
কিয়নো ধৰ্মীয়- সংস্কৃতিক গ্ৰামাঞ্চলৰ এইসকল পুৰোধা ব্যক্তিয়ে যিদৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰি অসমীয়া সমাজক একতা, ঐক্য সংহতি আৰু ধৰ্মীয় আৱেগ-অনুভূতিৰে বান্ধি ৰাখিছে তেওঁলোকৰ অৱদান অতিকৈ উল্লেখযোগ্য বুলি মন্তব্য কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে পূৰ্বৰে পৰা চৰকাৰক দাবী জনাই আহিছে বুলি কয়। সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ কুমাৰ মছৰঙেও চৰকাৰে থলুৱা প্ৰকৃত শিল্পী সকলক যিদৰে মৰ্যদা দিব লাগে, সেই মৰ্যদা শিল্পী সকলে আজিও লাভ কৰা দখা নগ'ল বুলি মন্তব্য কৰে।
তেওঁ প্ৰকৃতাৰ্থত কৃষ্টি-সংস্কৃতিৰ বৰপেৰা যদিহে গ্ৰামাঞ্চলত সুৰক্ষিত হৈ নাথাকে তেন্তে এটা জাতিয়ে স্থায়ীত্ব হেৰুৱাৰ সম্ভাৱনা থাকে বুলিও মন্তব্য কৰে। সেয়েহে সততে অভাৱগ্ৰস্থ থলুৱা লোকশিল্পী সকলক চৰকাৰে গুৰুত্ব দি সহায় কৰিলে ভৱিষ্যত প্ৰজন্মৰ বাবে ই সুৰক্ষিত হ'ব বুলিও কয়।
অন্যহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সহ-সম্পাদক মৃদুল হাজৰিকাই এই ক্ষেত্ৰত কয় যে, চৰকাৰে শিল্পীসকলক মৃত্যুৰ পাছতহে সন্মান দিয়া দেখা যায়। কিন্তু যদিহে জীৱিত কালতে প্ৰকৃত শিল্পীসকলক মৰ্যদা প্ৰদান কৰা হয় তেতিয়াহে শিল্পী সকলৰ কৰ্মস্পৃহা, আগ্ৰহ অধিক গুণে বৃদ্ধি হ'ব।
কেইবাদশক ধৰি একান্ত প্ৰচেষ্টাৰে প্ৰচাৰবিমুখিতাৰে সমাজিক দায়িত্ব পালন কৰা শিল্পীসকলক যদিহে চৰকাৰে মনত ৰাখিব নোৱাৰে, তেন্তে অসমীয়া সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত আমি বহু সম্পদ হেৰুৱাৰ সম্ভাৱনা থাকিব বুলি কয়। তদুপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিৰ সভাপতি হৰিপ্ৰসাদ ৰাজখোৱাই চৰকাৰক আহ্বান জনাই কয় যে, থলুৱা শিল্পী তথা সাধক সকলৰ বাবে সমাজিক আৰু সাংস্কৃতিক পৰিবেশ সুস্থিৰ আৰু সংগবদ্ধ হোৱাৰ অন্যতম ফল।
এইসকল ব্যক্তিৰ স্বাৰ্থত্যাগী মনোভাৱৰ বাবে আমি হয়তো সাংস্কৃতিৰ বৰঘৰত প্ৰৱেশ কৰিছো। চৰকাৰে যিদৰে চৰকাৰী কৰ্মচাৰীক অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰে,সেইদৰে এইসকল শিল্পী বা সাধককো চৰকাৰী ভাৱে অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰি মৰ্যদা প্ৰদান কৰিবলৈ আহ্বান জনাই।
ক্লিক কৰি পঢ়কঃ আপোনাকো লাগে নেকি চাকৰি ? জানুৱাৰীত ১০ হাজাৰ পদত নিযুক্তি...