ডিজিটেল সংবাদ বেকাজানঃ বৰহোলাত এগৰাকী জণ্ডিচ ৰোগীৰ ১০৮ এম্বুলেন্স সেৱাৰ স্বাস্থ্যকৰ্মীৰ অৱহেলাৰ বাবে মিন্টু বৰা নামৰ যুৱক এজনে মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই বৰহোলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জানিব পৰামতে বুধবাৰে নিশা বৰহোলাৰ অসম - নাগালেণ্ডৰ সীমান্তৰ নগাবাটৰ অন্নপূৰ্ণা নামৰ এখন ভিতৰুৱা গাঁৱৰ জণ্ডিছ ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ থকা মিন্টু বৰা নামৰ লোকজনৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ১০৮ জৰুৰী সেৱাত ফোন কৰে ।
কিন্তু তিতাবৰৰ ১০৮ জৰুৰী সেৱাৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত দুৰ্ভগীয়া পৰিয়ালটোৱে ব্যক্তিগত এখন বাহনেৰে বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ ৰোগীক লৈ আহে । কিন্তু কেইঘণ্টামান সময়ৰ পাছতে বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰত ১০৮ বাহনখন আহি উপস্থিত হয় । ৰোগীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে ৰোগীক জুৰুৰীভাবে যোৰহাট মেডিকেল কলেজলৈ লৈ প্ৰেৰণ কৰে যদিও ১০৮ বাহনত থকা স্বাস্থ্যকৰ্মীয়ে ৰোগী গৰাকী নিয়াৰ ক্ষেত্ৰত হেমাহি কৰে।
আনকি ১০৮ বাহখনত ৰোগী গৰাকীক উঠাবলৈ অকণমান ধৰি দিবলৈ কোৱাত তেওঁ স্বাস্থ্যকৰ্মী গৰাকীয়ে মোৰ পেটত পাথৰ আছে মই চুব নোৱাৰো বুলি এক অদ্ভুত যুক্তি দিয়ে। ফলত পৰিয়ালৰ লোকে কিছু হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ পাছত অৱশ্যে ১০৮ বাহনে নিবলৈ বাধ্য হয়। কিন্তু দুৰ্ভাগ্যজনক কথা লৈ যে যোৰহাট মেডিকেল কলেজলৈ নি থকাৰ অৱস্থাতে মিন্টু বৰাৰ মৃত্যু ঘটে।
যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য মিন্টু বৰাৰ মৃত্যুৰ পাছতে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগত ৰোগীৰ প্ৰতি স্বাস্থ্যকৰ্মীৰ যি দায়িত্বহীনতা আৰু হেমাহিৰ ছবিখন পোহৰলৈ আহিছে । কেৱল এয়াই নহয় ৰোগীৰ পৰিয়ালে অভিযোগ কৰামতে ৰোগীক অক্সিজেনৰ মাস্ক লগাই দিব লগাই দিব লগা হৈছে।
ইফালে ১০৮ জৰুৰী সেৱা বাহনখন তিতাবৰৰ পৰা বৰহোলালৈ মাত্ৰ ১৮ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ প্ৰায় ৪ ঘণ্টা সময় লাগে! উল্লেখযোগ্য যে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰিলেও এনে ঘটনাই তেওঁৰ বিভাগত প্ৰকৃততে কি ঘটিছে উদঙাই দিছে।