বি পি এফ তথা একালৰ ছাত্ৰ নেতা অলিন্দ্ৰ কুমাৰ মুছাহাৰী আৰু নাই...

বি টি চি পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ অলিন্দ্ৰ কুমাৰ মুছাহাৰী আৰু নাই। গুৱাহাটীৰ ছয়মাইলস্থিত এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অলিন্দ্ৰ কুমাৰ মুছাহাৰী

ডিজিটেল সংবাদ ওৰাংঃ বি টি চি পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ, বি পি এফৰ নেতা অলিন্দ্ৰ কুমাৰ মুছাহাৰী আৰু নাই। গুৱাহাটীৰ ছয়মাইলস্থিত এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে।

জানিব পৰা মতে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে মুছাহাৰীয়ে।বি টি চি গঠনৰ সময়ৰ পৰা ২০২০ চনলৈ তেওঁ ৪০ নং ৰৌতা সমষ্টিৰ পাৰিষদ আছিল। 

সমষ্টিটোৰ লগতে বিটিচি অঞ্চলত তেওঁৰ জনপ্ৰিয়তাও আছিল। ৰাজনীতিলৈ অহাৰ পূৰ্বে তেওঁ ছাত্ৰ সংগঠনৰো নেতৃত্ব বহন কৰিছিল। 

তেওঁ বড়ো জনগোষ্ঠীৰ শক্তিশালী ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিল। তাৰোপৰি তেওঁ আন বহু কেইটা বড়ো জাতীয় সংগঠনৰো নেতৃত্বত আছিল। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ। প্ৰয়াত মুছাহাৰীয়ে মৃত্যুৰ সময়ত তিনি গৰাকী কন্যা সন্তানৰ লগতে পত্নীক ইহ সংসাৰত এৰি গৈছে। ২০১৫ চনত তেওঁ বি টি চি পৰিষদৰ ৰাজহ আৰু বজাৰ বিভাগৰ কাৰ্য্যবাহী সদস্য হিচাপে দায়িত্ব লাভ কৰিছিল। 

এসময়ৰ ছাত্ৰ নেতা তথা পৰৱৰ্তী সময়ত ৰাজনীতিৰ জৰিয়তে বি টি চি অঞ্চলত জনপ্ৰিয় হৈ পৰা, বড়ো জনগোষ্ঠীক বলিষ্ঠ নেতৃত্ব প্ৰদান কৰা অলিন্দ্ৰ কুমাৰ মুছাহাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অজস্ৰ গুণমুগ্ধই।

এবছু ৰৌতা বি পি এফ