ডিজিটেল সংবাদ,ওৰাং: ওদালগুৰি জিলাৰ ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বি পি এফৰ নৱগঠিত পাঁচনৈ চেৰফাং ব্লক সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান মঙলবাৰে অনুষ্ঠিত হৈ যায়। এই সভাতেই বি পি এফৰ পাঁচনৈ চেৰফাং ব্লক সমিতিৰ নৱ নিৰ্বাচিত সমিতিৰ সমূহ বিষয়ববীয়া, সদস্য-সদস্যা সকলে বি পি এফৰ সংবিধান অনুসৰি শপত গ্ৰহণ কৰে।
এই অনুষ্ঠানত বি পি এফৰ জিলা সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰী, জিলা উপ সভাপতি ফ্লেছ মোছাহাৰী আৰু বি পি এফ দলৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। সভাত বি টি চিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা পাঁচনৈ চেৰফাং ব্লক বি পি এফৰ সভাপতি শ্যাম চুণ্ডী আৰু পাঁচনৈ চেৰফাং ব্লক সমিতিৰ সাধাৰণ সম্পাদক বেনুধৰ অধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও বি পি এফ দলৰ কৰ্মী সকল এই অনুষ্ঠানত উপস্থিত থাকে।