খনিজাত সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ কেন্দ্ৰৰ নে ৰাজ্যৰ? উচ্চতম ন্যায়ালয়ৰ ৯ ন্যায়াধীশৰ মাজত তুমূল বিৰ্তক...

খনিজাত সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ কেন্দ্ৰৰ নে ৰাজ্যৰ?  উচ্চতম ন্যায়ালয়ৰ ৯ ন্যায়াধীশৰ মাজত তুমূল বিৰ্তক...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত ৯জনীয়া ন্যায়াধীশৰ এখন বিচাৰপীঠে শেহতীয়াকৈ খনিজাত সামগ্ৰীৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধিকাৰৰ সন্দৰ্ভত শেহতীয়াকৈ এক শুনানি গ্ৰহণ কৰে। এই শুনানিত ৯গৰাকী ন্যায়ধীশৰ ভিতৰত ৮গৰাকীয়ে খনিজাত সামগ্ৰীৰ ওপৰত অধিকাৰ তথা কৰৰ ক্ষেত্ৰত সকলো সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ হাতত অৰ্পন কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে যদিও, এগৰাকী ন্যায়াধীশে এই সিদ্ধান্তৰ বিৰোধিতা কৰে।

বিৰোধিতা কৰা ন্যায়াধীশ ৰি বি নাগাৰত্নাই যুক্তি দৰ্শাই কয় যে, খনিজাত সামগ্ৰীৰ ওপৰত লগোৱা কৰ আৰু ইয়াৰ অন্যান্য কিছু অধিকাৰ ৰাজ্যৰ হাতত সম্পূৰ্ণৰূপে অৰ্পন কৰাতো মুঠেই যুক্তিসংগত নহয়। ই দেশৰ ফেডাৰেল চিষ্টেমত প্ৰভাৱ পেলাব। ইয়াৰোপৰি খনিজাত সামগ্ৰীৰ ওপৰত লগোৱা কৰৰ যি গাঁথনি তথা পদ্ধতি, সেয়া এনে সিদ্ধান্তই সলাই পেলাব আৰু ই দেশৰ অৰ্থনীতিত বিসংগতিৰ সৃষ্টি কৰাৰ অৱকাশ আছে।

১৯৪পৃষ্ঠা জোৰা ন্যায়াধীশ নাগাৰত্নাৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হয় যে, যদিহে ৰাজ্যসমূহক খনিজাত সামগ্ৰীৰ ওপৰত কৰ সংগ্ৰহৰ কৰ্তৃত্ব অৰ্পন কৰা হয় তেন্তে অতিৰিক্ত ৰাজহ আহৰণৰ বাবে ৰাজ্যসমূহৰ মাজত অস্বাস্থ্যকৰ প্ৰতিযোগিতা হ’ব। তেওঁ কয় যে, এনে কৰিলে খনিজৰ মূল্য বৃহৎ পৰিমাণে বৃদ্ধিৰ ফলত কেঁচামাল হিচাপে বা অন্যান্য আন্তঃগাঁথনিৰ কামত খনিজ পদাৰ্থৰ ওপৰত নিৰ্ভৰশীল সকলো উদ্যোগিক আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাব।

এই প্ৰতিবেদনত লগতে তেওঁ উল্লেখ কৰে যে, এনে ব্যৱস্থাৰ ফলত ভাৰতৰ সামগ্ৰিক অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব, যাৰ ফলত খনিজ পদাৰ্থ আহৰণ নকৰা কিছুমান সত্তা বা আনকি ৰাজ্যই খনিজ পদাৰ্থ আমদানি কৰিব, যাৰ ফলত তাত দেশৰ বৈদেশিক মুদ্ৰা আহৰণৰ ক্ষেত্ৰত বিৰুপ প্ৰভাৱ পৰিব। লগতে খনিজ মজুত থকা ৰাজ্যসমূহত খননৰ কাম-কাজ মন্থৰ হ’ব পাৰে, কিয়নো খননৰ অনুজ্ঞাপত্ৰধাৰীয়ে গধুৰ মাচুল দিব লাগিব।’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in