কিয় বিচাৰিব ধন! পঞ্জাৱত ঘোচখোৰ মন্ত্ৰীৰ বিৰুদ্ধে কাঢ়া একশ্যন, উচুপিল কেজৰিবাল…

কিয় বিচাৰিব ধন! পঞ্জাৱত ঘোচখোৰ মন্ত্ৰীৰ বিৰুদ্ধে কাঢ়া একশ্যন, উচুপিল কেজৰিবাল…

author-image
asomiyapratidin
New Update
কিয় বিচাৰিব ধন! পঞ্জাৱত ঘোচখোৰ মন্ত্ৰীৰ বিৰুদ্ধে কাঢ়া একশ্যন,  উচুপিল কেজৰিবাল…

ডিজিটেল ডেস্ক: চকুপানী ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বিজয় সিংগলাক বৰ্খাস্ত কৰাই নহয় গ্ৰেপ্তাৰ কৰাৰ ঘটনা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া আপৰ নেতা গৰাকীৰ।

টুইটাৰ হেণ্ডেলত কেজৰিবালে লিখিলে "মই গৌৰাৱান্বিত ভগৱত মান।আপুনি গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাই মোৰ চকুত চকুপানী নিগৰাইছে। আজি সমগ্ৰ দেশেই গৌৰৱ কৰিব আপক লৈ" ।


— Arvind Kejriwal (@ArvindKejriwal) May 24, 2022

সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনত পঞ্জাৱত শাসনলৈ আহিছিল আপ। তাৰ পাছতেই গঠন হৈছিল মানৰ নেতৃত্বত পঞ্জাৱত আপৰ চৰকাৰ। স্বাস্থ্যমন্ত্ৰী দায়িত্ব লাভ কৰিছিল বিজয় সিংগালে।

কিন্তু কামৰ বিনিময়ত ধন বিচৰা মন্ত্ৰী জনক ৰেহাই নিদিলে মুখ্যমন্ত্ৰীয়ে। স্বাস্থ্য বিভাগৰ বিভিন্ন কামৰ ঠিকাৰ বাবদ ১ শতাংশ কমিচন লাগে তেওঁক।সেই অভিযোগ লাভ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।সেই অভিযোগৰ ভিত্তিতেই দুৰ্নীতি নিবাৰক শাখাক অভিযোগৰ তদন্ত কৰিবলৈ দিছিল।

প্ৰায়েই মন্ত্ৰী-বিষয়াৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ উঠে। যি দলৰ চৰকাৰেই নহওক সেই অভিযোগ উত্থাপন হ'লেই এনে ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ নজিৰ নাই।বৰঞ্চ অভিযুক্ত মন্ত্ৰীক ৰাজনৈতিক কাৰণত ৰক্ষণা-বেক্ষণহ দিয়া হয়।

পঞ্জাৱত আপৰ চৰকাৰে সেই পৰম্পৰা ভংগ কৰিলে। সতীৰ্থৰ মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত ভ্ৰষ্টাচাৰৰ অভিযোগ ততক্ষাণিকভাৱে তদন্ত কৰাই নহয় ক্ষমতাশালী মন্ত্ৰী গৰাকী বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰাৰ নিদৰ্শন দাঙি ধৰিলে।

তাৰপাছতেই সামাজিক মাধ্যমতো পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপক লৈ সৰৱ চৰ্চা চলিছে। কমিচন বিচৰা মন্ত্ৰী সকলো ৰাজ্যতে আছে। অসমো ইয়াৰ ব্যতিক্ৰম নহয়।সেয়েহে বিভিন্ন জনে প্ৰশ্ন কৰিছে পঞ্জাৱত আপে কৰি দেখুৱালে, অসমত মুখ্যমন্ত্ৰীয়ে বা আন ৰাজ্যত আন মুখ্যমন্ত্ৰীয়ে এনে কঠোৰ পদক্ষেপ ল'ব কেতিয়া?

আৰু পঢ়ক: বামুনীমৈদামত পিতৃৰ বাইকত উঠি অহা শিশুক অপহৰণৰ চেষ্টা…

aap punjab health minister bhagwat mann