ভাৰত- বাংলাদেশ সীমান্তত বিএছএফ- বিজিবিৰ ঈদ উদযাপন...

ভাৰত- বাংলাদেশ সীমান্তত বিএছএফ- বিজিবিৰ ঈদ উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ আজি ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা। সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন ঈদগাহসমূহত সোমবাৰে সমূহীয়া ঈদ উল আজাহাৰ নামাজ আদায় কৰা হয়।

বকৰিদ উপলক্ষে সোমবাৰে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফ আৰু বাংলাদেশৰ সীমান্ত ৰক্ষী বিজিবি মাজত মিঠাই আৰু শুভেচ্ছা বিনিময় কৰা হয়। মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰৰ অধীনত ভাৰত-বাংলাদেশ সীমান্তৰ কাছাৰ, কৰিমগঞ্জ আৰু ত্ৰিপুৰাৰ বিভিন্ন সীমান্তত নিয়োজিত বিএছ এফৰ জোৱানসকলে ঈদ উপলক্ষে বিজিবিৰ জোৱানসকলৰ হাতত মিঠাইৰ টোপোলা উপহাৰ দিয়ে।

বিনিময়ত বিজিবিয়েও বিএছ এফৰ জোৱানসকলৰ হাতত মিঠাইৰ টোপোলা উপহাৰ দিয়ে। লগতে পৰস্পৰে পৰস্পৰক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। এইদৰে দুয়োখন দেশৰ সীমান্ত ৰক্ষীসকলে পৰস্পৰে পৰস্পৰৰ মাজত বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰে।

ভাৰত- বাংলাদেশ সীমান্তত বিএছএফ- বিজিবিৰ ঈদ উদযাপন...
লোকসভাৰ অধ্যক্ষ কোন হ'বঃ JDU, TDPক কিদৰে সন্তুষ্ট কৰিব বিজেপিয়ে, অভিযানত নামিব প্ৰধানমন্ত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in