২০দিনত BSNLলৈ আহিল ২.৭৫কোটি নতুন গ্ৰাহক! জিঅ'ই ঘূৰাই আনিলে পূৰ্বৰ ৰিছাৰ্জ প্লেন...

২০দিনত BSNLলৈ আহিল ২.৭৫কোটি নতুন গ্ৰাহক!  জিঅ'ই ঘূৰাই আনিলে পূৰ্বৰ ৰিছাৰ্জ প্লেন...
Published on
Updated on

ডিজিটেল ডেস্কঃ BSNLৰ অফাৰ দেখি এইবাৰ জিঅ’ই বহু কেইটা ৰিছাৰ্জ প্লেন নতুনকৈ আৰম্ভ কৰিবলৈ বাধ্য হল। আনকি কিছুদিনৰ পূৰ্বে আঁতৰাই দিয়া ৰিছাৰ্জ পেকো পুনৰ আৰম্ভ কৰি দিলে জিঅ’ই। সকলোৱে জানে যে, বি এছ এন এলক বাদ দি দেশৰ প্ৰায় সকলো টেলিকম প্ৰতিষ্ঠানে বৃদ্ধি কৰিছিল ৰিছাৰ্জৰ নিৰিখ। তাৰ পিছতে প্ৰতিটো দিনতেই জিঅ, এয়াৰটেল, ভোডাফোনৰ পৰা আঁতৰি লাখ লাখ গ্ৰাহকে গ্ৰহণ কৰিছিল বি এছ এন এলৰ কানেকশ্যন। গ্ৰাহকৰ এই অসন্তুষ্টি দেখি পুনৰ জিঅই পূৰ্বতে তেওঁলোকৰ ৰিছাৰ্জ তালিকাৰ পৰা আঁতৰাই দিয়া বহুকেইটা প্লেন পুনৰ আৰম্ভ কৰিছে।

জিঅৰ এটা জনপ্ৰিয় ৰিছাৰ্জ পেক আছিল ৯৯৯। কিন্তু যোৱা ৩জুলাইত এই পেকটোৰ মূল্য ১,১৯৯টকাকৈ বৃদ্ধি কৰিছিল জিঅই। কিন্তু গ্ৰাহকৰ অসন্তুষ্টি দেখি পুনৰ এই পেকটো ৯৯৯তে উপলদ্ধ কৰোৱাৰ কথা ঘোষণা কৰিছে জিঅই। এই ৰিছাৰ্জ প্লেনটোৰ বৈধতা থাকিব ৯৮দিনলৈ। পূৰ্বে এই প্লেনটোৰ বৈধতা ৮৪দিনহে আছিল। এই দিশৰ পৰাও জিঅই গ্ৰাহকসকলক দিলে এই বিশেষ অফাৰটো। পূৰ্বৰ ৯৯৯টকাত ৮৪দিনৰ পেকটো এতিয়া জিঅৰ গ্ৰাহকে পাব ৯৮দিনলৈ।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, কেইটামান দিনৰ পূৰ্বে ইকনমিক টাইমছত প্ৰকাশিত খবৰ অনুসৰি, জিঅ, এয়াৰটেল, ভোডাফোনে তেওঁলোকৰ ৰিছাৰ্জৰ নিৰিখ বৃদ্ধি কৰাৰ দিনৰে পৰা অৰ্থাত ৩ জুলাইৰ পাছৰ পৰা বি এছ এন এলৰ ভাৰতত প্ৰায় ২.৭৫ মিলিয়ন গ্ৰাহক বৃদ্ধি পাইছে। প্ৰতিটো দিনতেই প্ৰায় আঢ়ৈ লাখ গ্ৰাহকে PORT প্ৰক্ৰিয়াৰ যোগেৰে বি এছ এন এলৰ কানেকশ্যন গ্ৰহণ কৰিছে বুলি  সদৰি কৰিছে বি এছ এন এলৰ কৰ্তৃপক্ষই। ইফালে দাম বৃদ্ধিৰ পাছত বৰ্তমানেও সামাজিক মাধ্যমত বয়কট জিঅ, এয়াৰটেল, ভোডাফোনৰ টেণ্ডিং চলি আছে। এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিঅই পূৰ্বৰ এটা বিশেষ প্লেন আগৰ দামতে বেছি দিনৰ বৈধতাৰে পুনৰ উভতাই আনিছে।

২০দিনত BSNLলৈ আহিল ২.৭৫কোটি নতুন গ্ৰাহক!  জিঅ'ই ঘূৰাই আনিলে পূৰ্বৰ ৰিছাৰ্জ প্লেন...
কাইলৈ বাজেট দাখিল, আজিৰে পৰা আৰম্ভ সংসদৰ বাজেট অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in