সাধাৰণ বাজেট ২০২৪-২৫ঃ ইতিহাস সৃষ্টি কৰি সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে...

সাধাৰণ বাজেট ২০২৪-২৫ঃ ইতিহাস সৃষ্টি কৰি সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে...

Published on

ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে আজি সপ্তমবাৰৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই বাজেটখন হব মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। পুৱা ১১বজাত সংসদত এই বাজেট দাখিল কৰা হব।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ ইতিহাসত ধাৰাবাহিকভাৱে সপ্তমবাৰলৈ কেন্দ্ৰীয় বাজেট দাখিল কৰা একমাত্ৰ বিত্তমন্ত্ৰী হৈছে নিৰ্মলা সীতাৰমণ। ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ দাখিল কৰিছিল দেশৰ সাধাৰণ বাজেট।

এইবেলি বাজেটত কি কি থাকিব! তাক লৈ সাধাৰণ জনতাৰ মাজত উতকন্ঠাৰ অন্ত নাই। বিশ্লেষকসকলে অনুমান কৰিছে যে, এইবেলি বাজেটত মধ্যবিত্তসকলক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হব। কৰ্মচাৰী শ্ৰেণীৰ লোকৰ ওপৰত লক্ষ্য ৰাখি কৰৰ নিয়ম সলনি কৰাৰো তীব্ৰ সম্ভাৱনা আছে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা সোমবাৰে সদনত বিত্তমন্ত্ৰীয়ে দাখিল কৰিছিল দেশৰ অৰ্থনীতিৰ জৰীপ। এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, দেশৰ অৰ্থনীতিয়ে কোৰোনা পৰিস্থিতিৰ পাছত একাধিক সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছতো বৰ্তমান দেশৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত আছে।

তেওঁ দাখিল কৰা আৰ্থিক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বৃদ্ধি ৮.২ শতাংশ আশা কৰা হৈছিল। ২০২৪-২৫ অৰ্থনৈতিক বৰ্ষত অৰ্থনৈতিক বৃদ্ধি ৬.৫ শতাংশ ৰ পৰা ৭ শতাংশৰ মাজত বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। সেইদৰেই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুদ্ৰাস্ফীতিৰ সূচক ৪.৫ শতাংশ স্থিৰ হৈছে। এই প্ৰতিবেদনত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে বুলিও দাবী কৰা হৈছে।

আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে, ভাৰতীয় অৰ্থনীতি এক শক্তিশালী স্তম্ভ। ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানৰ মুখামুখী হ'বলৈ ভাৰতৰ অৰ্থনীতি এতিয়া স্থিতিশীল।

প্ৰতিবেদন দাখিলৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, বিগত বিত্তীয় বৰ্ষত চাৰিটা ত্ৰৈমাসিকৰ ভিতৰত তিনিটাতেই আৰ্থিক বৃদ্ধি আছিল ৮ শতাংশৰো অধিক। ২০২৩ আৰু ২০২৪ বিত্তীয়বৰ্ষৰ ওপৰত ভিত্তি কৰি তৈয়াৰ হোৱা অৰ্থনৈতিক বৃদ্ধি আগন্তুক বছৰতো দেখা যাব।

যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা বুলি কোৱা হয়, প্ৰতিবেদনখনত খাদ্যৰ মুদ্ৰাস্ফীতিৰ আশংকা প্ৰকাশ কৰিছে। ২০২৩ বিত্তীয় বৰ্ষত, এই ক্ষেত্ৰত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৬ শতাংশ। ২০২৪ বিত্তীয় বৰ্ষত ই ৭.৫ শতাংশলৈ বৃদ্ধি পাইছে।

সাধাৰণ বাজেট ২০২৪-২৫ঃ ইতিহাস সৃষ্টি কৰি সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে...
তিতাবৰৰ যুৱ সমাজকর্মী শান্তনু গোস্বামীৰ মৃত্যু...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in