ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইডঙীয়াত বৃহস্পতিবাৰে চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। গৃহস্থৰ পৰা চুৰে লুটি নিলে প্ৰায় ৮০ হেজাৰ টকা আৰু এটা মোবাইল ফোন।
ৰাইডঙীয়াৰ তিলু বৰদলৈ নামৰ মহিলাগৰাকীয়ে চকুৰ চিকিৎসা কৰিবলৈ বেংকৰ পৰা আনি ঘৰত ৰাখিছিল ধনখিনি। অকলশৰীয়া মহিলা গৰাকী ঘৰৰপৰা বাহিৰলৈ ফুৰিবলৈ যোৱাৰ পিছতেই চোৰে চুৰি কাণ্ড সংঘটিত কৰাৰ সন্দেহ।
স্বামীহাৰা মহিলাগৰাকীৰ ঘৰত চুৰে ধন লুটি নিয়া ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে বিগত এটা মাহত বৃহত্তৰ ৰাইডঙীয়া অঞ্চলত সৰু বৰ প্ৰায় ১০ টাকৈ চুৰি কাণ্ড সংঘটিত কৰিছে যদিও চোৰ ধৰাত ব্যৰ্থ হৈছে জাজৰি আৰক্ষী।
Also Read: জামুগুৰিহাটত চোৰে নিদ্ৰাহৰণ কৰিছে ৰাইজৰ : গৰু আৰু বাহনসহ চাৰিজন চোৰক কৰায়ত্ব