উপ নিৰ্বাচনৰ সবিশেষঃ অসমৰ ৫বিধানসভা সমষ্টিৰ ৯লাখ ৯হাজাৰ ভোটাৰে নিৰ্ণয় কৰিব ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য...

অসমৰ ৫টা বিধানসভা সমষ্টিৰ আজি উপ নিৰ্বাচন। পুৱা ৭বজাৰ লগে লগে ৫টা সমষ্টিত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টি হৈছে ক্ৰমে ১১ নং ধলাই (এছ চি), ৩১ নং চিদলী(এছ টি), ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি সমষ্টি ।

author-image
Asomiya Pratidin
New Update
উপ নিৰ্বাচন

ডিজিটেল ডেস্কঃ অসমৰ ৫টা বিধানসভা সমষ্টিৰ আজি উপ নিৰ্বাচন। পুৱা ৭বজাৰ লগে লগে ৫টা সমষ্টিত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টি হৈছে ক্ৰমে ১১ নং ধলাই (এছ চি), ৩১ নং চিদলী(এছ টি), ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি সমষ্টি ।

উল্লেখ্য যে ঢলাই বিধানসভা সমষ্টিৰ পৰিমল শুক্লবৈদ্য, বিহালীৰ ৰঞ্জিত দত্ত, চামগুৰিৰ ৰকিবুল হুছেইন, বঙাইগাঁৱৰ ফণীভূষণ চৌধুৰী আৰু চিদলী সমষ্টিৰ জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন । আজি পাঁচটা সমষ্টিৰ ৯,০৯,০৫৭ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ।

উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচটা সমষ্টিৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১০৭৮ টা । মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,০৯,০৫৭ গৰাকী । ইয়াৰে ধলাই (এচ চি) সমষ্টিত ১,৯৬,৭৭২ গৰাকী, চিদলী (এছ টি)ত ২,১৭,১৮৩ গৰাকী, বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী, বিহালীত ১,৩২,৩০০ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৪৪৮ গৰাকী ভোটাৰ আছে । সেইদৰে চাৰ্ভিছ ভোটাৰ আছে ধলাইত ৫২৪ গৰাকী, চিদলীত ৬৩০ গৰাকী, চামগুৰিত ২৬৭ গৰাকী, বঙাইগাঁৱত ১০৫৪ গৰাকী আৰু বিহালীত ১৪২ গৰাকী । মুঠ ২,৬১৭ গৰাকী চাৰ্ভিচ ভোটাৰ ।

বিশেষভাৱে সক্ষম ভোটাৰ আছে ধলাই সমষ্টিত ১১২৫ গৰাকী, চিদলীত ১৭৭০ গৰাকী, বঙাইগাঁৱত ৪৭৪ গৰাকী, বিহালীত ১৪৯ গৰাকী আৰু চামগুৰিত ৬৭৯ গৰাকী । মুঠ ৪১৯৭ গৰাকী । আনহাতে ভোটদাতা জ্যেষ্ঠ নাগৰিকৰ (৮৫ বছৰৰ উৰ্দ্ধৰ) সংখ্যা হৈছে ধলাইত ৬৮৩ গৰাকী, চিদলীত ১০২৫ গৰাকী, বঙাইগাঁৱত ৪৭৪ গৰাকী, বিহালীত ৪৮৮ গৰাকী আৰু চামগুৰিত ১১১৮ গৰাকী । মুঠ ৩৭৮৮ গৰাকী । ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ধলাইত ২০৮ টা, চিদলীত ২৭৩ টা, বঙাইগাঁৱত ২৪৬ টা, বিহালীত ১৫৪ টা, চামগুৰিত ১৯৭ টা ।

বঙাইগাঁও সমষ্টিত অৱতীৰ্ণ হৈছে আঠগৰাকী প্ৰাৰ্থী :

  1. অগপৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহ
  3. এছ ইউ চি আইৰ প্ৰাৰ্থী মৃত্যুঞ্জয় ৰাভা
  4. নিৰ্দলীয় প্ৰাৰ্থী শৈলেন্দ্ৰ সৰকাৰ
  5. নিৰ্দলীয় প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰ
  6. নিৰ্দলীয় প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন
  7. নিৰ্দলীয় প্ৰাৰ্থী গৌতম ৰায়
  8. নিৰ্দলীয় প্ৰাৰ্থী দীপক দাস

চামগুৰি সমষ্টিত অৱতীৰ্ণ হৈছে ১১ গৰাকী প্ৰাৰ্থী:

  1. বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন
  3. আম আদমি পাৰ্টীৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী
  4. এছ ইউ চি আইৰ প্ৰাৰ্থী আব্দুছ চবুৰ মিঞা
  5. ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী বীৰেন বসাক
  6. ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ প্ৰাৰ্থী ৰবুল হক
  7. নিৰ্দলীয় প্ৰাৰ্থী ফাতেমা খাতুন
  8. নিৰ্দলীয় প্ৰাৰ্থী শশী তাতী
  9. নিৰ্দলীয় প্ৰাৰ্থী জেহিৰুল ইছলাম
  10. নিৰ্দলীয় প্ৰাৰ্থী মুচাব্বিৰ আলি আহমেদ
  11. নিৰ্দলীয় প্ৰাৰ্থী আব্দুল মাজিদ

ধলাই সমষ্টিত অৱতীৰ্ণ আঠগৰাকী প্ৰাৰ্থী :

  1. বিজেপিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰুকায়স্থ
  3. এছ ইউ চি আইৰ প্ৰাৰ্থী গৌৰ চন্দ্ৰ দাস
  4. নিৰ্দলীয় প্ৰাৰ্থী অমলেন্দু দাস
  5. নিৰ্দলীয় প্ৰাৰ্থী ধীৰাজ দাস
  6. নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ ধুবী
  7. নিৰ্দলীয় প্ৰাৰ্থী পৰিমল দাস
  8. নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস

বিহালী সমষ্টিত অৱতীৰ্ণ হৈছে চাৰিগৰাকী প্ৰাৰ্থী:

  1. বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল (NDA)
  2. কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা
  3. চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী
  4. আম আদমি পাৰ্টীৰ প্ৰাৰ্থী অনন্ত গগৈ

চিদলী সমষ্টিত অৱতীৰ্ণ হৈছে তিনিগৰাকী প্ৰাৰ্থী:

  1. ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম (NDA)
  2. বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰী
  3. কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰী
উপ নিৰ্বাচন