কাছাৰ বিজেপিৰ সদস্যতা অভিযান আৰম্ভ

কাছাৰ বিজেপিৰ সদস্যতা অভিযান আৰম্ভ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ: ১ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে বিজেপিৰ সদস্যতা অভিযান কাৰ্যসূচী। এই কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰৰ পৰা কাছাৰ জিলাতো আৰম্ভ হৈছে বিজেপিৰ সদস্যতা অভিযান। বুধবাৰে শিলচৰস্থিত কাছাৰ জিলা বিজেপিৰ কাৰ্যলয়ত এই অভিযানৰ আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়ে।

কাছাৰৰ দলীয় প্ৰভাৰীৰ দায়িত্বত থকা বিশ্বৰূপ ভট্টাচাৰ্যৰ উপস্থিতিত বিমলেন্দু ৰয়, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, শিলচৰৰ বিধায়ক দিপায়ন চক্ৰবৰ্তী, উদাৰবন্দৰ‌ বিধায়ক মিহিৰ কান্তি সোম, বিভিন্ন সংগঠন, ব্যৱসায়ী সহ কেইবা শ বিজেপি নেতা কৰ্মীয়ে বুধবাৰে দলৰ সদস্যতা গ্ৰহণ কৰে। বুধবাৰে জিলা কাৰ্যলয়ত এই সদস্যতা অভিযান মুকলি হোৱাৰ পাছত পৰ্যায় ক্ৰমে কাছাৰ জিলাৰ বিজেপিৰ ব্লক আৰু মণ্ডল সমুহতো এই সদস্যতা অভিযান আৰম্ভ হ'ব।

অনুষ্ঠানত জিলা সভাপতি বিমলেন্দু ৰয়, প্ৰভাৰী বিশ্বৰূপ ভট্টাচাৰ্য, তিনি বিধায়ক কৌশিক ৰায়, দিপায়ন চক্ৰবৰ্তী, মিহিৰ কান্তি সোম সহ কেইবাজনো বিজেপি নেতাই দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোত দেশৰ সুৰক্ষাৰ স্বাৰ্থত সকলোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ মুকলি আহ্বান জনায় জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়, শিলচৰৰ বিধায়ক দিপায়ন চক্ৰবৰ্তী আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় আৰু অন্য বক্তা সকলে।

কাছাৰ বিজেপিৰ সদস্যতা অভিযান আৰম্ভ
মথুৰাপুৰৰ আদৰ্শ শিক্ষক মদন কুৰ্মীক সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in