ৰাজ্যৰ ৫ বিধানসভা উপ- নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিব আজি

ৰাজ্যৰ ৫ বিধানসভা উপ- নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিব আজি

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ ৫ বিধানসভা উপ- নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিব আজি

ডিজিটেল ডেস্ক : আজি অন্ত পৰিব ৰাজ্যৰ ৫ বিধানসভাত অনুষ্ঠিত হোৱা উপ- নিৰ্বাচনৰ প্ৰচাৰ। অন্তিম দিনটোত পাঁচোটা সমষ্টিতে শেষ প্ৰচাৰ চলাবলৈ শাসক- বিৰোধী উভয় দলে কঁকালত টঙালি বান্ধিছে। চামগুৰি, বিহালী, বঙাইগাঁও আৰু চিদলীত অনুষ্ঠিত হ’ব লগা এই উপ- নিৰ্বাচনৰ ভোটগ্ৰহণ ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব।

পাঁচোটা বিধানসভাৰ সমষ্টিৰ ভিতৰত মূলতঃ বিহালী আৰু চামগুৰিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছিল শাসক- বিৰোধীক। নিৰ্বাচনী হিংসাই চুই গৈছে চামগুৰি বিধানসভা সমষ্টিত। সমষ্টিটোত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হয়।

নিৰ্বাচনী হিংসা চামগুৰিত প্ৰতিৰোধ কৰিব নোৱাৰাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশত ৰাজ্যৰ গৃহ বিভাগে দেওবাৰে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়া আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তক বদলি কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক কাৰ্বি আংলং লৈ বদলি আৰু তেওঁৰ স্থানত কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক নিযুক্তি দিছে গৃহ বিভাগে। একেদৰে হোজাইৰ উপ- আৰক্ষী অধীক্ষক শ্যামন্ত শৰ্মাক কলিয়াবৰৰ নতুন মহকুমা আৰক্ষী বিষয়াৰ দায়িত্ব দিয়া হৈছে।

দেওবাৰেও চামগুৰিত কংগ্ৰেছ নেতা আমজাদ আলীৰ বাসগৃহত দুৰ্বৃত্তই আক্ৰমণ চলায়। চামগুৰিৰ বাসবাৰলিত থকা আমজাদৰ বাসগৃহলৈ দুৰ্বৃত্তই শিলাবৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।

আনহাতে এই নিৰ্বাচনী হিংসাৰ মাজতে সাংবাদিকক আক্ৰমণ কৰা তাহেৰুদ্দিন নামৰ এজন লোকক আৰক্ষীয়ে আটক কৰে। সোমবাৰে বিয়লি ৬-০০ বজাত ৫সমষ্টিৰ বিধানসভাৰ উপ- নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব। এই নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব ২৩ নৱেম্বৰত।

Also Read: আজি দেশৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই

by-election Campaigning