ডিজিটেল সংবাদ, ধেমাজি : অসম চৰকাৰ নিয়োগ, দক্ষতা আৰু কাৰিকৰী সঞ্চালক আৰু ধেমাজি জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ সৌজন্যত বুধবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠান অনুষ্ঠিত হয় ৷ পুৱা ৯-৩০ বজাত ছাত্ৰ-ছাত্ৰীসকলৰ নাম পঞ্জীয়ন কৰোৱা হয়।
ইয়াৰ পাছতে পুৱা ১০-০০ বজাত ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ সভাত ধেমাজি জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়া দৰথী গগৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা লগতে আদৰণি ভাষণ প্ৰদান কৰে।
সভাত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰ, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতোপন নেওগ, জিলা অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কেৰিয়াৰ কাউন্সিনচিলিঙৰ গুৰুত্বৰ বিষয়ে বুজাই কয় ৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে জিলাখনৰ ১৭ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ধেমাজি গুৱালচাপৰিৰ প্ৰাইভেট জ্ঞানম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু চৰকাৰী ধেমাজি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মুঠ ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷
কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিভিন্ন কাৰিকৰী বিভাগসমূহৰ বিষয়ে বক্তব্য প্ৰদান কৰে জ্ঞানম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ত্ৰিদীপ শৰ্মা, ধেমাজি বহুমুখী কাৰিকৰী প্ৰতিষ্ঠানৰ অভিযন্তা অভিনন্দন বৰুৱা আৰু অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি বিকাশ মহাপাত্ৰই ৷ শেষত ছাত্ৰ-ছাত্ৰী, অতিথিবৃন্দ আৰু ৰাইজক শলাগৰ শৰাই আগবঢ়াই ধেমাজি নিয়োগ বিনিময় কেন্দ্ৰৰ দিব্যজ্যোতি পেগুৱে ৷