সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু...

সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু...

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ সভাপতি ভূপেন বৰাক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ...

সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু...

ডিজিটেল সংবাদ চিৰাংঃ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে চিৰাং জিলাৰ বিজনীৰ পানবাৰী আৰক্ষী থানাত সোমবাৰে অসম জাতীয় পৰিষদৰ নেতা ৰূপম কুমাৰ দাসে এক গোচৰ ৰুজু কৰে । সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ উচিত শাস্তি বিচাৰি পানবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম কুমাৰ দাসে কয় যে, অসমত উগ্ৰ সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই ।

সাম্প্ৰদায়িক মন্তব্য কৰি বিতৰ্ক সৃষ্টি কথা এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমল আৰু পীযুষ হাজৰিকা দুয়োগৰাকী নেতাকে তেওঁ কঠোৰ ভাষাৰে সমালোচনা কৰে । সম্প্রদায়িক মন্তব্য প্ৰদান কৰাৰ বাবে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে চৰকাৰে উচিত পদপক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়।

ক্লিক কৰি পঢ়কঃ সচিবালয়লৈ আহিলে লৈ আহিব অতিৰিক্ত ধনঃ পানীৰ বাবেও আপুনি ভৰিব লাগিব কৰ...

পীযুষ হাজৰিকা