কাজিৰঙাত বনকৰ্মীৰ জালত পৰিল ৭ টাকৈ গৰু...

বুধবাৰে সন্ধিয়া এখন ৰঙা ৰঙৰ জাইল' গাড়ীৰ ভিতৰত নিয়া ৭ টাকৈ গৰু উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত বনকৰ্মীৰ জালত পৰিল ৭ টাকৈ গৰু...

বোকাখাতত জাইল' গাড়ী সহ জব্দ গৰু

ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ পূৱ হালধিবাৰী বন শিৱিৰৰ বন কৰ্মীয়ে নিয়মিত তালাচীৰ সময়ত বুধবাৰে সন্ধিয়া এখন ৰঙা ৰঙৰ জাইল' গাড়ীৰ ভিতৰত নিয়া ৭ টাকৈ গৰু উদ্ধাৰ কৰে ৷ অতি নিষ্ঠুৰ আৰু অমানুষিকভাৱে মুখ - ভৰি বান্ধি উক্ত ৭ টা গৰুক এ এছ ০১ এফ চি  নম্বৰৰ বিলাসী জাইল' গাড়ীখনত ভৰাই আনিছিল ৷

উল্লেখ্য যে, বোকাখাতৰ পৰা নগাঁৱলৈ বুলি গৈ থকা জাইল'খন চালক আৰু এজনক আটক কৰিছে বনকৰ্মী সকলে ৷ গাড়ীখন জব্দ কৰা জাইল' খনৰ পৰা গৰু ৭ টা উদ্ধাৰ কৰাৰ পিচত সম্প্ৰতি ধৃত লোক দুজনক জেৰা কৰি আছে বন বিভাগৰ অভিযানকাৰী দলে ৷ 

অন্যহাতে ৰাজ্যত চলি থকা গৰুৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰনৰ বাবে আৰক্ষী কঠোৰ হোৱাৰ সময়ত গৰুৰ চোৰাং ব্যৱসায়ী সকলে গৰু সৰবৰাহৰ বাবে নিতৌ নতুন নতুন কৌশল ব্যৱহাৰ কৰিছে ৷ শেহতীয়াভাৱে অতি নিষ্ঠুৰ ভাৱে ৭ টাকৈ গৰু ভৰাই অনা আৰু বুধবাৰৰ দিনৰ ভাগত ৪১ টাকৈ গৰু ভৰাই অনা এখন কন্টেনাৰ ট্ৰাক গৰু সহ জব্দ কৰিছিল বোকাখাত আৰক্ষীয়ে ৷

bokakhat BOKAKHAT POLICE kaziranga forest