মমতা মন্ত্ৰীসভাৰ আইন মন্ত্ৰীৰ ঘৰত চি বি আইৰ অভিযানঃ কয়লা কেলেংকাৰীৰ প্ৰমাণ পাইছে অভিযানকাৰী দলে...

পুনৰ পশ্চিমবংগৰ মন্ত্ৰীৰ ঘৰত চলিছে চি বি আইৰ অভিযান

author-image
Asomiya Pratidin
New Update
মমতা মন্ত্ৰীসভাৰ আইন মন্ত্ৰীৰ ঘৰত চি বি আইৰ অভিযানঃ কয়লা কেলেংকাৰীৰ প্ৰমাণ পাইছে অভিযানকাৰী দলে...

ডিজিটেল ডেস্কঃ পুনৰ পশ্চিমবংগৰ মন্ত্ৰীৰ ঘৰত চলিছে চি বি আইৰ অভিযান। চি বি আইয়ে ৰাজ্যখনৰ আইন মন্ত্ৰী মলয় ঘটকৰ বাসগৃহত আছানচোলৰ পূব কয়লাক্ষেত্ৰ সীমিত খনিৰ পৰা কয়লা চোৰাং ব্যৱসায়ৰ অভিযোগৰ সন্দৰ্ভত তালাচী চলাইছে।

বুধবাৰে এই সন্দৰ্ভত চি বি আইৰ ফালৰ কোৱা হৈছে যে তেওঁলোকে মুঠ ৭ টা স্থানত অভিযান চলাইছে। চি বি আইয়ে ২০২০ চনৰ নৱেম্বৰ মাহত অনুপ মাঁঝি ওৰফে লালা, ই চি এলৰ সাধাৰণ প্ৰবন্ধক অমিত কুমাৰ ধৰ আৰু জয়েশ চন্দ্ৰ ৰায়, নিৰাপত্তা প্ৰধান তন্ময় দাস, কুনুষ্টোৰিয়া অঞ্চলৰ নিৰাপত্তা পৰিদৰ্শক ধনঞ্জয় ৰায় আৰু কাজোৰ অঞ্চলৰ নিৰাপত্তাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবাশীষ মুখাৰ্জীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

ইফালে কলকাতাৰ এক সূত্ৰত প্ৰকাশিত খবৰ মতে চি বি আইৰ চোৰাংচোৱাই পশ্চিম বৰ্ধমান জিলাৰ আছানচোলত ঘটকৰ তিনিটা আৰু কলকাতাৰ লেক গাৰ্ডেন অঞ্চলত এটা ঘৰত চি বি আইয়ে তালাচী চলাইছে। উল্লেখ্যে যে, বংগৰ আইন মন্ত্ৰীজনৰ ঘৰত অভিযান চলোৱা সন্দৰ্ভত চি বি আইৰ এজন বিষয়াই উল্লেখ কৰিছে যে, কয়লা চোৰাং ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ নাম উত্থাপিত হৈছে।

তেওঁ কয় যে, আমি জানিব লাগিব যে তেওঁ (মালয় ঘটক)ৰ ইয়াত ভূমিকা কি আছিল। কেলেংকাৰীটোত ঘটন জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ আমাৰ ওচৰত আছে। ইফালে অভিযানৰ সময়ৰ চি বি আইৰ বিষয়াই মন্ত্ৰীজনৰ পৰিয়ালৰ সকলো সদস্যৰ মোবাইল ফোন জব্দ কৰিছে। তেওঁলোকক এটা কোঠাত একেলগে বহিব দিয়া হৈছে। গোটেই ঘৰটো চাৰিওফালৰ পৰা কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱানে ঘেৰি আছে।

cbi WET BENGAL mamata banerjee Moloy Ghatak