চৰাইদেউ প্ৰেছ ক্লাৱৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

চৰাইদেউ প্ৰেছ ক্লাৱৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

Published on

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ সংবাদকৰ্মীসকলৰ এক অন্যতম মঞ্চ “চৰাইদেউ প্ৰেছ ক্লাব”ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সোমবাৰে দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ উল্লেখযোগ্য যে গতানুগতিকতাৰ পৰিৱৰ্তে প্ৰেছ ক্লাৱটোৰ এই বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ দিনটো সমাজৰ লগতে নিজৰ আপোন ঘৰখনৰ সকলোৰে মৰম-আদৰৰ পৰা বঞ্চিত, উপেক্ষিত হৈ চৰাইদেউ জিলাৰ মথুৰাপুৰ মাজগাঁওস্থিত বৃদ্ধাশ্ৰমত আশ্ৰয় লৈ থকা বৃদ্ধ বৃদ্ধাসকলৰ মাজত সংবাদকৰ্মীসকলে সুকীয়াকৈ উদযাপন কৰে।

দিৱস উপলক্ষে আজি পুৱা ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছত সম্পাদক প্ৰণৱ বৰগোহাঁইয়ে স্মৃতি তৰ্পণ আৰু আলিম আহমেদে বন্তি প্ৰজ্বলন কৰে৷ ইয়াৰ পাছত দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে যুগল বৰগোহাঁই আৰু ধৰনী দাস ৷ ইয়াৰ পিচত প্ৰতিষ্ঠা দিৱসৰ কেক কাটে অৱসৰপ্ৰাপ্ত শিক্ষক নিৰোদ বৰঠাকুৰে ৷

পৰৱৰ্তী সময়ত বৃদ্ধাশ্ৰমখনিৰ আবাসীসকলৰ মাজত ফলমূল আৰু মিঠাই বিতৰণ কৰা হয় ৷ এই কাৰ্যসূচী শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰশান্ত দত্তই ৷ ইয়াৰ পাছতে সমাজৰ লগতে নিজৰ আপোন ঘৰখনৰ সকলোৰে পৰা বঞ্চিত হৈ বৃদ্ধাশ্ৰমখনত থকা আবাসীসকলৰে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷

এই অনুষ্ঠানটোৰ আঁত ধৰে শিক্ষক, সমাজকৰ্মী প্ৰণৱ দত্তই ৷ এই অনুষ্ঠানত ককা আইতা সকলে হৰিনাম, দিহানাম আৰু বিহুগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানটোত বৃহত্তৰ মথুৰাপুৰ অঞ্চলত ২৫ বছৰৰ কাল হ'কাৰ হিচাপে সেৱা আগবঢ়াই অহা আছিমূল হুচেইনক ক্লাবৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটিৰ অন্তত সভাপতি ধ্ৰৱজ্যোতি বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।

চৰাইদেউ প্ৰেছ ক্লাৱৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
ৰ'দালি কাব্যালোচনীৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in