মুছলপুৰত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন

আজি দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ ফচল এই স্বাধীনতা দিৱস।

author-image
Asomiya Pratidin
New Update
110

ডিজিটেল সংবাদ, বাক্সা : আজি দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। ব্ৰিটিছৰ ২০০ বছৰীয়া দমন নীতিক নেওচি ১৯৪৭ত হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ ফচল এই স্বাধীনতা দিৱস।

আজিৰ দিনটোতেই বৃটিছৰ পৰাধীনতাৰ শিকলি ছিঙি দেশবাসীয়ে ভাৰত মাতৃৰ বুকুত স্বাধীনতাৰ নিচান উৰুৱাইছিল। সেয়েহে সমগ্ৰ দেশৰ লগতে বাক্সা জিলাতো প্ৰান্তে-প্ৰান্তে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন কৰা হৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস।

বাক্সা জিলা বিজেপিৰ মুছলপুৰস্থিত জিলা কাৰ্যালয়ত পতাকা উত্তোলন কৰে বাক্সা জিলা  বিজেপিৰ সভাপতি দীনেশ বসুৱে । তেওঁ পতাকা উত্তোলন কৰি সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।

মুছলপুৰ baksa district baksa স্বাধীনতা দিৱস