ডিজিটেল ডেস্কঃ কেন্দ্রীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলৰ নিশ্চিত পেন্সন প্রদানৰ উদ্দেশ্যে নতুন পেন্সন আঁচনি, ইউনিফাইড পেন্সন আঁচনি (Unified Pension Scheme) অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত ২৫ বছৰ সেৱা আগবঢ়োৱাৰ পাছত শেষৰ ১২টা মাহৰ দৰমহাৰ ৫০ শতাংশ পেন্সন হিচাপে আগবঢ়োৱা হ'ব।
তদুপৰি এই আঁচনিত কর্মচাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ বাবে ৬০ শতাংশ পেন্সনৰ নিশ্চিতি প্রদান কৰা হৈছে। ইয়াৰোপৰি এই আঁচনিখনে নিম্নতম ১০ বছৰৰ চাকৰিৰ পাছত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৱসৰৰ পাছত প্ৰতি মাহে ১০,০০০ টকাকৈ প্ৰদান কৰাৰ আশ্বাস দিয়ে।
উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে প্রায় ২৩ লাখ কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰী উপকৃত হ'ব। এই আঁচনিখন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কার্যকৰী হ'ব। শনিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত এই আঁচনিৰ লক্ষ্য হৈছে নিশ্চিত পেঞ্চন, পাৰিবাৰিক পেঞ্চন প্ৰদান কৰা আৰু চৰকাৰী কৰ্মচাৰীসকলক নিম্নতম পেঞ্চন প্ৰদান কৰা।
প্ৰথম বছৰত এই আঁচনিখন ৰূপায়ণৰ বাবে ৬২৫০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে। একীকৃত পেন্সন আঁচনি ২০০৪ চনৰ পৰা এন পি এছৰ অধীনত অৱসৰ গ্ৰহণ কৰা সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ’ব।
উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেটে অর্থনীতি পৰিৱেশ আৰু নিয়োগ নীতিৰ ক্ষেত্ৰত বায় ই-থ্ৰী জৈৱ প্রযুক্তিত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে উদ্যমিতা, বিকাশৰ আৰু গৱেষণাৰ ক্ষেত্ৰত উদ্ভাৱনীমূলক দিশত এই আঁচনিয়ে সহায় কৰিব। কেবিনেটে ১০ হাজাৰ ৫৭৯ কোটি টকা নির্ধাৰণেৰে বিজ্ঞান ধাৰা ৩ খন মুখ্য আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে।
Also Read: ৰমেন কলিতাৰ কাব্যগ্ৰন্থ 'বালিমাহী' উন্মোচন