কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰজাৰৰ দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা...

মন্ত্ৰীগৰাকীয়ে তথ্য প্ৰযুক্তিৰ যুগত গাওঁ পঞ্চায়ত সমূহতো ইন্টাৰনেট সংযোগৰ ওপৰত গুৰুত্ব আৰোপ

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰজাৰৰ  দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা...

central minister krishna pal

ডিজিটেল সংবাদ, মঙলদৈঃ অসমৰ ৭ খন আকাংক্ষিত জিলাৰ ভিতৰত দৰং জিলাও অন্তৰ্ভুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মঙ্গলবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক বৈঠকত শক্তি আৰু গধুৰ উদ্যোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৃষ্ণ পাল গুৰজাৰে দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে ।

বৈঠকত মন্ত্ৰীগৰাকীয়ে আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা বিভিন্ন বিভাগৰ উন্নয়নমূলক কাৰ্যসমূহৰ পৰ্যালোচনা কৰি কামৰ অগ্ৰগতিৰ বুজ লয় । তেওঁ কৃষিখণ্ডত গুৰুত্ব আৰোপ কৰি বিষয়া সকলক ফচল বীমা যোজনা আঁচনিৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ আহবান জনায় ।

মন্ত্ৰীগৰাকীয়ে তথ্য প্ৰযুক্তিৰ যুগত গাওঁ পঞ্চায়তসমূহতো ইন্টাৰনেট সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে । ক্ষিপ্ৰ উন্নয়নৰ বাবে গাওঁ পঞ্চায়তৰ সদস্যসকলক অধিক সক্ৰিয় হৈ কাম কৰি যাবলৈ কয় । মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ মাক্ৰু বন্দনা যোজনা, পোষণ অভিযানৰ বিষয়েও পৰ্যালোচনা কৰে ।

জিলাখনত বাল্য বিবাহ ৰোধৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব দিবলৈ সংশ্লিষ্ট সকলোকে আহবান জনায় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সকলো গৃহতে বিজুলী সংযোগ হৈছেনে তাৰো খতিয়ান লয় । তেওঁ আকাংক্ষিত জিলাৰ প্ৰকল্পৰ অধীনত দৰং জিলাই লাভ কৰা উন্নয়নৰ অগ্ৰগতিৰ প্ৰশংসা কৰে ।

সভাত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বী সকল উপস্থিত থাকে ।

উল্লেখযোগ্য যে বৈঠকৰ পিছতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে আত্মসহায়ক গোটৰ সদস্য আৰু কেইবাগৰাকী খেতিয়কৰ লগত মত বিনিময় কৰে আৰু জিলাখনৰ পৰা কাজিনেমু,মাকৈ, ইণ্ডিয়ান বিন, জলকীয়া বিভিন্ন দেশলৈ ৰপ্তানি হোৱাৰ বাবে প্ৰশংসা কৰি খেতিয়কসকলক ৰপ্তানিৰ ক্ষেত্ৰত আৰু অধিক মনোনিবেশ কৰিবলৈ আহ্বান জনায় । অন্যহাতে মন্ত্ৰীগৰাকীয়ে দৰঙ কৰ্কট চিকিৎসালয় আৰু টাংনি চাহ বাগিচা আদৰ্শ বিদ্যালয়ো পৰিদৰ্শন কৰে ।

darrang dr.paramananda rajbongshi