৩০ আগষ্টত বিজেপিত যোগদান কৰিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে

৩০ আগষ্টত বিজেপিত যোগদান কৰিব  ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে
Published on
Updated on

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ড মুক্তি মৰ্চা, জে এম এমৰ জ্যেষ্ঠ নেতা চম্পাই ছোৰেনে বিজেপিত যোগদান কৰিব। বিজেপিৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ সহ প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে নিশা সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

সোমবাৰে আদিবাসী নেতা ছোৰেনে দিল্লীত অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে এই বৈঠকত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ উপৰি চম্পাই ছোৰেনৰ পুত্র বাবুলাল চোৰেনো উপস্থিত আছিল৷ 

অহা ৩০ আগষ্টত ৰাঁচিত নোতাগৰাকীয়ে ভাৰতীয় জনতা পার্টিত যোগদান কৰিব। ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে জে এম এমৰ নেতৃত্বই তেওঁক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

৩০ আগষ্টত বিজেপিত যোগদান কৰিব  ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে
'ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন ব্যৱসায় আছে, উজনিলৈ মাছ ৰপ্তানি নকৰোঁ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in