উপ জিলাৰ গঠনক লৈ চিন্তিত চাপৰবাসী...

উপ জিলাৰ গঠনক লৈ চিন্তিত চাপৰবাসী...
Published on
Updated on

ডিজিটেল সংবাদ, চাপৰ: উপ জিলা গঠনৰ নামত জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মভূমি চাপৰ এলাগী হোৱাৰ পথত! ঐতিহাসিক চান্দৰডিঙা দুধনাথ আৰু টকৰাবান্ধা পাহাৰ চাপৰ ৰাজহ চক্ৰৰ হস্তান্তৰ কৰাৰ পিছত চাপৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ হোৱাৰ পথত। উপ জিলাৰ গঠনৰ নামত চাপৰৰ বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান স্থানান্তৰিত কৰা খবৰে চিন্তিত কৰিছে বৃহত্তৰ চাপৰবাসীক।

উপ জিলাৰ গঠনৰ নামত চাপৰ ৰাজহ চক্ৰ, চাপৰ শালকোচা উন্নয়ন খণ্ড, পশু চিকিৎসালয় আৰু চাপৰ শালকোচা শিক্ষা খণ্ডৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বিলাসীপাৰা লৈ হস্তান্তৰ কৰা কাৰ্য কোনোপধ্যেই মানি নলয় চাপৰবাসী ৰাইজে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে সন্ধিয়া চাপৰৰ কাজিপাৰা ইয়ং ক্লাবত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। এই সভাত উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ লগতে সচেতন নাগৰিক। এই সভাতে অৰ্ধশতাধিক লোকৰ উপস্থিতিত গঠন হয় এখন আহ্বায়ক কমিটি।

চাপৰবাসী ৰাইজৰ দাবী বিলাসীপাৰা উপ জিলাৰ অধিকাংশ অঞ্চল যিহেতু চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত হৈছে। গতিকে বিলাসীপাৰা উপ জিলাৰ নামৰ লগত সংলগ্ন হ'ব লাগে চাপৰৰ নাম। ইয়াৰ উপৰি উপ জিলাৰ মুখ্য কাৰ্যালয় হ'ব লাগে বৃহত্তৰ চাপৰ অঞ্চলত।

চৰকাৰে চাপৰবাসী ৰাইজৰ দাবী মানি নল'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। ইয়াৰ উপৰি চাপৰ অঞ্চলৰ ঐতিহাসিক স্থান চান্দৰডিঙা আৰু দুধনাথ, টকৰাবান্ধা পাহাৰ বীৰছিং জৰুৱা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত তীব্ৰ ক্ষোভ। ঐতিহাসিক চান্দৰডিঙা দুধনাথ আৰু টকৰাবান্ধা পাহাৰ পুনৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in