ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ চলাপথাৰ অঞ্চলত চফ্ৰাই নৈৰ ওপৰত থকা এখন লোহাৰ দলং দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে। অঞ্চলবাসীৰ বাবে দলংখনে যাতায়তৰ ক্ষেত্ৰত এক ভয়ংকৰ বিপদ মাতি আনিছে। প্ৰায় ১০-১২বছৰ পূর্বে অ' এন জি চিয়ে নির্মাণ কৰা এই দলংখনেৰে দীর্ঘদিন ধৰি গধুৰ যান-বাহন চলাচল কৰি অহাৰ ফলত দলংখন জৰাজীর্ণ হৈ পৰে।
সোমবাৰে নৈখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত দলংখনৰ পশ্চিম মূৰ লাগি থকা পথৰ মাটিৰ বৃহৎ অংশৰ খহনীয়া হোৱাত যিকোনো মুহূৰ্ততে দলংখন তললৈ পৰি যাব পাৰে৷ আনকি দলংখনৰ মাজ অংশ তললৈ বহি যোৱাত যিকোনো সময়তে দলংখনেৰে যাতায়ত বিচ্ছিন্ন হৈ পৰাৰ আশংকা প্রকট হৈ পৰিছে।
পথটোৰ ওপৰত থকা এই দলংখনেৰে অঞ্চলটোৰ স্কুলীয়া ছাত্র-ছাত্রীকে ধৰি সাধাৰণ পথচাৰীলৈকে সকলো লোকেই আশংকাৰে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। দীর্ঘসময় ধৰি এই দলংখন মেৰামতি নকৰাৰ বাবে স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্রত নানা আহুকালৰ সন্মুখীন হৈ আহিছে।
সেয়ে কিছুদিন পূৰ্বে স্থানীয় ৰাইজে গাঁঠিৰ ধন ব্যয়ৰে দলংখন মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰি লৈছিল যদিও শেহতীয়া নৈখনৰ বাঢ়নী পানীয়ে দলখনৰ এটা দিশৰ বৃহৎ অংশ খহাই নিয়াত ৰাইজ শংকিত হৈ পৰিছে ৷ বিপদৰ সংঘটিত হোৱা আগতে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷