চতিয়াত গৰু চোৰে নিদ্ৰা হৰিছে ৰাইজৰঃ ২ দিনত দুঘৰৰ গৰু চুৰি

চতিয়াত গৰু চোৰে নিদ্ৰা হৰিছে ৰাইজৰঃ ২ দিনত দুঘৰৰ গৰু চুৰি
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ গৰু চোৰৰ উপদ্ৰৱে নিদ্ৰা হৰিছে চতিয়াবাসীৰ। বিগত দুটা দিনত চতিয়াৰ হাজাৰিমলৰ দুজন ব্যক্তিৰ ঘৰৰ গোহালিৰ পৰা চোৰে নিলে দুজনীকৈ গাই গৰু।বৃহস্পতিবাৰে পুৱতি নিশা গাঁওখনৰ মলয় হাজৰিকা নামৰ ব্যক্তিজনৰ ঘৰৰ গোহালিৰ পৰা চোৰে এজনী গাভিনী গাই চোৰ কৰে।

উল্লেখ্য যে, আগদিনা নিশাও একেখন গাঁৱৰে মানস শইকীয়া নামৰ ব্যক্তিজনৰ গোহালিৰ পৰা এজনী খিৰতি গাই চুৰি কৰি নিছিল চোৰে।কৃষি কৰ্ম্ম কৰিয়েই জীৱন নিৰ্বাহ কৰা দ্ৰৰিদ্ৰ পৰিয়ালৰ পোহনীয়া গৰু গাই এইদৰে চুৰি হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

চতিয়াত গৰু চোৰে নিদ্ৰা হৰিছে ৰাইজৰঃ ২ দিনত দুঘৰৰ গৰু চুৰি
ঢালিগাঁৱত যুৱতীৰ চৰম সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in