এই মাতৃ দিৱসত আমি উদযাপন কৰিছো মাতৃত্ব অভিমুখী বিভিন্ন যাত্ৰাৰ...

এই মাতৃ দিৱসত আমি উদযাপন কৰিছো মাতৃত্ব অভিমুখী  বিভিন্ন যাত্ৰাৰ...
Published on
Updated on

মাতৃত্ব হৈছে চূড়ান্ত মৰম, উৎসৰ্গা আৰু দৃঢ় প্ৰতিজ্ঞ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এক যাত্ৰা। প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অদ্বিতীয়, প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অসাধাৰণ, প্ৰত্যেকগৰাকী মাতৃৰেই  আছে তেওঁলোকৰ কণমানিটিৰ সৈতে কটোৱা প্ৰথমটো দিনৰ বিভিন্ন কাহিনী

নিশিতা গোস্বামী (অভিনেত্ৰী)

১. আপোনাৰ মাতৃত্বৰ অভিজ্ঞ তাই আপোনাৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীত কেনেধৰণৰ প্ৰভাৱ পেলাইছে?

উত্তৰঃ মোৰ মাতৃ হোৱাৰ অভিজ্ঞ তা আছিল সঁচাকৈয়ে আনন্দপূৰ্ণ আৰু সজীৱ৷ মই আৰু মোৰ স্বামী, আমি দুয়োজনে বৰ ভালদৰে সময় কটাইছিলো, আমি বিভিন্ন কাম-কাজৰ পৰিকল্পনা কৰিছিলো আৰু মই প্ৰচুৰ আনন্দদায়ক তথা উন্নয়নকেন্দ্ৰিক শ্ব’ বা অনুষ্ঠান চাইছিলো৷ লক্ষণীয়ভাৱে, মোৰ গৰ্ভধাৰণৰ সময়ছোৱাত মই নিয়মীয়াকৈ কাম কৰিছিলো, যাৰ ফলত মোৰ বাৰুকৈয়ে লাভ হৈছিল বুলিয়েই মই ভাবো৷

২. আপুনি আপোনাৰ শিশুটিৰ সৈতে এনে এক স্মৰণীয় মুহূৰ্তৰ বিষয়ে ক’ব পাৰিব যে, যি সংক্ষেপতে আপোনাৰ মাতৃত্বৰ গোটেই অনুভূতিখিনিকে প্ৰকাশ কৰিব পাৰে?

উত্তৰঃ একেটা বাক্যতে ক’বলৈ গ’লে এই অভিজ্ঞ তা আছিল অতি আপুৰুগীয়া আৰু পবিত্ৰ৷ কিন্তু মোৰ মনত পৰে, যে নাৰ্ছগৰাকীয়ে লেবাৰ ৰুমৰ পৰা কেঁচুৱাটিক আনি যেতিয়া মোৰ হাতত তুলি দিয়ে, তেতিয়া মোৰ কোলাত শিশুটিক পাই এক সম্পূৰ্ণ সুকীয়া অনুভৱ পাইছিলো৷ মই বুজি পাইছিলো যে মই গোটেই জীৱন জুৰি ঠিক এনে এক অনুভৱৰ বাবেই অপেক্ষা কৰি আছিলো৷ মোৰ এনে লাগিছিল যেন, গোটেই পৃথিৱীখনেই মোৰ দুবাহুৰ মাজত সোমাই পৰিছে৷

৩. আপোনাৰ শিশুটি জন্ম হোৱাৰ পাচত প্ৰথম দিনাই আপুনি আশা নকৰা ধৰণৰ কেনে শিক্ষা লাভ কৰিছিল?

উত্তৰঃ যিহেতুকে মই নিজৰ কামৰ বাবে বহুত ভ্ৰমণ কৰিবলগীয়া হৈছিল, সেয়েহে এটি কেঁচুৱাৰ বাবে আমি আগতীয়াকৈ পৰিকল্পনা কৰিবলগীয়া হৈছিল৷ প্ৰায়েই মোৰ এনে লাগিছিল যেন, ইয়াৰ পাচত মোৰ কৰ্ম জীৱনৰ অন্ত পৰিব৷ কিন্তু, শিশুটিৰ জন্মৰ পাচতো মই অভিনয় জগতৰ সৈতে জড়িত হৈ থাকিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিলো৷ মই ভাবো, এই ক্ষেত্ৰত মই লাভ কৰা শিক্ষাটো হৈছে এয়ে যে, এটি শিশুৰ গৰাকী হোৱাটো কোনো বাধা নহয়, বৰং ই কৰ্মক্ষেত্ৰত অধিক আগুৱাই যোৱাৰ বাবে প্ৰেৰণাহে যোগায়৷

৪. আপোনাৰ মাতৃত্বৰ যাত্ৰাৰ কোনটো দিশ আটাইতকৈ দীৰ্ঘকালৰ অপেক্ষা যেন অনুভৱ হৈছিল?

উত্তৰঃ গৰ্ভধাৰণ সুকলমেই হৈছিল আৰু মই বৰ বেছি দিন অপেক্ষা কৰিবলগীয়া হোৱা নাছিল৷ আমি নিৰ্দিষ্ট তাৰিখত আমাৰ সন্তানটি লাভ কৰিছিলো৷ সেয়েহে এই যাত্ৰাক এটি সন্তান লাভ কৰাৰ বাবে প্ৰয়োজন হোৱা অতি দীঘলীয়া অপেক্ষা যেন লগা নাছিল৷

৫. আপোনাৰ শিশুটি সদায় শান্তিত থকা আৰু অযত্নপালিত হোৱাৰ দিশটো আপুনি কেনেদৰে নিশ্চিত কৰিছিল?

উত্তৰঃ মই অনবৰতে তাক যিমান পাৰি যতনেৰে সময় দিয়াৰ চেষ্টা কৰিছিলো৷ যেতিয়া অনবৰতে আপুনি বহু লোকৰ মাজত থাকে, তেতিয়া এনেধৰণৰ অশান্তি অনুভৱ হয়৷ কথাটো এনেধৰণৰ যে, আমি যেতিয়া ঘৰত অকলে থাকো, তেতিয়া কোলাত লওঁ, টোপনি যোৱাবলৈ গীত শুনাওঁ বা তাৰে সৈতে কথা পাতো৷ পিচে মই ভালদৰে জানো যে, শিশুটিৰ প্ৰয়োজনৰ সময়ত মই তাৰ ওচৰত উপস্থিত হ’ব পাৰো৷

৬. আপোনাৰ শিশুটিৰ সৈতে কটোৱা এটি স্মৰণীয় মুহূৰ্তৰ বিষয়ে কওক?

উত্তৰঃ মোৰ শিশুটিয়ে মোক প্ৰথমবাৰৰ বাবে ‘মা’ বুলি মতাৰ মুহূৰ্তটো মোৰ বাবে সঁচাকৈয়ে স্মৰণীয়৷ সেয়া আছিল অতি আদৰুৱা অনুভৱ৷

৭. আপোনাৰ শিশুটিৰ সৈতে আপুনি কৰি ভালপোৱা আটাইতকৈ প্ৰিয় কাম কোনটো আৰু শিশুটি বাঢ়ি অহাৰ লগে লগে ই সলনি হৈছে নে?

উত্তৰঃ সেয়া হৈছে সাঁতোৰা৷ মই নিজে সাঁতুৰিব নাজানো, কিন্তু শেহতীয়াকৈ মোৰ শিশুটিয়ে সাঁতুৰিবলৈও শিকিছে, যিটো আমি দুয়োৱেই বৰকৈ উপভোগ কৰো৷ এতিয়া এনেদৰে শিশুটিয়ে নতুন কিবা এটা শিকিবলৈ ধৰাত, মাতৃ হিচাপে মই গৰ্ব অনুভৱ কৰো৷

৮. মাতৃ হোৱাৰ পাচৰে পৰা আপোনাৰ শিশুটিৰ পৰা লাভ কৰা কোনটো শিক্ষাই আপোনাক আটাইতকৈ অভিভূত কৰে?

উত্তৰঃ ভাৰতীয় পৰম্পৰাত প্ৰত্যেকটি শিশুকে দিব্যস্বৰূপেজ্ঞ ান কৰা হয়৷ শিশুৰ নিৰ্দিষ্ট একধৰণৰ পবিত্ৰতা থাকে আৰু শিশুৰ গাত থকা সুখ-শান্তিয়ে প্ৰাপ্তবয়স্কসকলক অনুপ্ৰাণিত কৰে৷ ইয়াক একধৰণৰ শিক্ষা বুলিব পাৰি, পিচে, ইয়াক মই মোৰ কেঁচুৱাটোৰ পৰা জীৱনত লাভ কৰা এক জ্ঞান হিচাপেও ব্যাখ্যা কৰিব পাৰি৷

৯. মাতৃ দিৱস হৈছে ভাব প্ৰকাশ আৰু উদযাপনৰ এক উপলক্ষ৷ এই বছৰ আপুনি এই দিৱস আপোনাৰ শিশুটিৰে সৈতে কেনেদৰে উদযাপন কৰিব বুলি ভাবিছে?

উত্তৰঃ আগতে কোৱাৰ দৰেই, মই এগৰাকী কৰ্মৰত মহিলা আৰু মই প্ৰায়েই ভ্ৰমণ কৰিবলগীয়া হয়৷ বেছিভাগ সময়তে মই মোৰ শিশুটিক বেছিকৈ সময় দিব নোৱাৰো৷ সেয়েহে, মাতৃ দিৱসতো মই মোৰ শিশুটিৰ সৈতে যিমান পাৰি বেছিকৈ সময় কটাব বিচাৰো৷

১০. আপোনাৰ মাতৃত্ব অভিমুখী যাত্ৰাৰ আটাইতকৈ বিশ্বাসী সংগী কোন আছিল?

উত্তৰঃ শিশুটিৰ যতনৰ ক্ষেত্ৰত, প্ৰথমে বিভিন্ন বিকল্প সমূহৰ ক্ষেত্ৰত মই বৰ সন্দেহপ্ৰৱণ আৰু বিভ্ৰান্ত আছিলো। অৱশ্যে মই সদায়ে চিকিৎসক আৰু পৰিয়ালৰ জ্যেষ্ঠ সকল আৰু বন্ধু-বান্ধৱৰ পৰামৰ্শ সমূহত বিশ্বাস ৰাখিছিলো। আচৰিত কথাটো হ'ল এই যে তেওঁলোকৰ সকলোৱেই জনচনৰ বেবী প্ৰডাক্টসমূহ ব্যৱহাৰৰ পৰামৰ্শ দিছিল। মই মোৰ কণমানিটিক জুৰ পেলোৱাকৈ গা ধোওৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত আদৰুৱা যতন দিয়াৰ বাবে জনছনছৰ বেবী প্ৰডাক্টসমূহত বিশ্বাস ৰাখিছিলো। ইয়াৰ কোমল আৰু স্নিগ্ধ প্ৰডাক্টসমূহ একোটি নৱজাতকৰ বাবে শ্ৰেষ্ঠ পৰ্যায়ৰ। প্ৰথম দিনটোৰে পৰাই মোৰ শিশুটিৰ কোমল ছালখন সুৰক্ষিত কৰি ৰখাৰ বাবে মোৰ গোটেই মাতৃত্বৰ যাত্ৰাৰ এক সংগী জনছনৰ বেবী প্ৰডাক্টসমূহ ব্যৱহাৰ কৰি আহিছো।

ডাঃ সান্তনা বৰুৱা (চিকিৎসা আৰু স্বাস্থ্য বিষয়া)

১. আপোনাৰ মাতৃত্বৰ যাত্ৰা কেনেধৰণৰ আছিল? সেয়া কেৱল ৯ মাহৰ বাবে আছিল নে, অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছিল।

উত্তৰঃ মোৰ মাতৃত্ব অভিমুখী যাত্ৰা আছিল অতি সুন্দৰ৷ মই ক’ব বিচাৰো যে ই আছিল দীৰ্ঘতম, কাৰণ ক’ভিড মহামাৰীৰ সময়তে মই গৰ্ভধাৰণ কৰিবলগীয়া হোৱা বাবে, সেই ৯মাহ সময় মোৰ বাবে আছিল এক অন্তহীন যাত্ৰাৰ দৰে৷

২. এগৰাকী এইচ চি পি অৰ্থাৎ স্বাস্থ্য সেৱাৰে জড়িত ব্যক্তি বা বিশেষজ্ঞ হিচাপে আপোনাৰ পেছাদাৰী দৃষ্টিকোণ আৰু দৃষ্টিভংগীত আপোনাৰ মাতৃত্বই কেনেদৰে প্ৰভাৱ পেলাইছিল?

উত্তৰঃ শিশুটিৰ জন্মৰ পাচত মোৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ নাটকীয় পৰিবৰ্তন ঘটিল৷ ব্যক্তিগত জীৱনত মোৰ কেঁচুৱাটোক সৰ্বাধিক  গুৰুত্ব দিবলগীয়া হোৱাৰ বিপৰীতে পোনতে পেছাদাৰী জীৱনত গুৰুত্ব দিয়াটো কিছু হ্ৰাস পাইছিল৷ মোৰ ওচৰলৈ অহা ৰোগীসকল মোৰ বাবে আছিল অত্যন্ত জৰুৰী, কিন্তু মই বুজি পাইছিলো যে, মোৰ শিশুটিৰ বাবে ময়েই একমাত্ৰ ‘মা’ক৷ আনহাতে, মোৰ ওচৰলৈ অহা ৰোগীসকলে আন কোনো চিকিৎসকৰো সহায় ল’ব পাৰিব৷ মাতৃত্বৰ ছুটীৰ অন্ত পৰাৰ পাচত মোৰ স্বামী আৰু পুত্ৰই মোক কৰ্মস্থলীত থ’বলৈ অহাৰ মুহূৰ্তটোত মই আনন্দত ক’ব নোৱাৰা হৈ পৰিছিলো৷

৩. আপোনাৰ শিশুটিৰে সৈতে কটোৱা এনে এটা মুহূৰ্তৰ বিষয়ে ক’ব পাৰে যে, যি সংক্ষেপতে আপোনাৰ মাতৃত্বৰ অনুভূতিৰ বিষয়ে বৰ্ণনা কৰিব পাৰে?

উত্তৰঃ সি বাঢ়ি অহাৰ লগে লগে শিশুটিক মৰম কৰাৰ প্ৰতিটো মুহূৰ্তৰ স্মৃতি৷ এই সকলোবোৰ মুহূৰ্তই মোৰ তাৰ সৈতে কটোৱা আটাইতকৈ আদৰৰ দিনবোৰক প্ৰতিনিধিত্ব কৰে৷

৪. শিশুটিৰে সৈতে আপোনাৰ প্ৰথম দিনটোৰ অভিজ্ঞতা আছিল কেনেধৰণৰ?

উত্তৰঃ মই মোৰ দৃষ্টি আঁতৰাই আনিব পৰা নাছিলো৷ মই যে এটা মানৱ সন্তান জন্ম দিছো, সেই কথাটো মোৰ বিশ্বাসেই হোৱা নাছিল৷ ৰিষাণৰ সৈতে কটোৱা প্ৰথমটো দিন এতিয়াও মোৰ বাবে জীৱনৰ আটাইতকৈ আচৰিত এটা দিন৷ সেয়া আছিল ২০২০ ৰ আগষ্ট মাহ, অৰ্থাৎ ক’ভিডৰ দ্বিতীয়টো জোৱাৰৰ সময়, সেয়েহে হাস্পতালত কোনো অভ্যাগতকে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল৷

৫. আপোনাৰ মাতৃত্বৰ যাত্ৰাৰ কোনটো দিশত সৰ্বাধিক অপেক্ষা কৰিবলগীয়া হোৱা যেন আপোনাৰ বোধ হৈছিল?

উত্তৰঃ অৱশ্যেই গৰ্ভধাৰণৰ সময়ছোৱা/ আন মানুহৰে সৈতে মিলা-মিছা কমি যোৱা, সংক্ৰমণৰ ভয় আৰু অৱশ্যেই গোটেই গৰ্ভধাৰণৰ সময়ছোৱাত হৰমনৰ পৰিবৰ্তনৰ মাজতে এটি শিশুৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱাটো৷ সেই অপেক্ষা আছিল অতি দীঘলীয়া৷

৬. এগৰাকী চিকিৎসক হিচাপে, বিশেষকৈ প্ৰডাক্ট নিৰ্বাচনৰ ক্ষেত্ৰত আপোনাৰ শিশুটিৰ ছালৰ পৰিচৰ্যাৰ বাবে কেনেধৰণেৰে সিদ্ধান্ত গ্ৰহণ কৰে?

উত্তৰঃ মই চৰ্মৰোগৰ ক্ষেত্ৰত পৰীক্ষিত আৰু প্ৰমাণিত আৰু শিশুটিৰ বাবে নিৰাপদ প্ৰডাক্টবিধহে বাছি লওঁ৷ মোৰ কেঁচুৱাটিৰ ছালখন অতি কোমল হোৱা হেতুকে, উচ্ছ মাত্ৰাৰ পি এইচ যুক্ত ৰাসায়নিক সন্নিৱিষ্ট কৰা প্ৰডাক্ট ব্যৱহাৰ কৰিলে ছালৰ ক্ষতি কৰি শুষ্কতা, ৰঙা পৰা আৰু অসুখ হোৱাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ মই শিশুটিৰ ছালৰ বাবে পি এইচ ভাৰসাম্যযুক্ত তথা মসৃণ প্ৰডাক্ট বিচাৰোঁ৷ মই এলাৰ্জি সৃষ্টি কৰিব পৰা বা ছালত খজুৱতিৰ সৃষ্টি কৰা যথাসম্ভৱ হ্ৰাস কৰিব পৰা ক্লিনিকেলি প্ৰমাণিত আৰু হাইপ’এলাৰ্জেনিকৰ লেবেলযুক্ত প্ৰডাক্টবিধহে বিচাৰি লওঁ৷

৭. আপুনি শিশুটিৰে সৈতে একেলগে থাকোতে কোনটো কাম কৰি আটাইতকৈ ভাল পায়?

উত্তৰঃ একেলগে পদ্য আৰু কবিতা আওৰোৱা৷ নিশা সি নিজে সাজি সাজি কোৱা কাহিনীবোৰ মই বৰকৈ উপভোগ কৰো৷

৮. মাতৃ হোৱাৰ পাচৰে পৰা আপুনি শিশুটিৰ পৰা লাভ কৰা আটাইতকৈ হৃদয়স্পৰ্শী শিক্ষা কোনটো?

উত্তৰঃ শিশুবোৰ ইমানেই নিষ্পাপ যে, মই তাৰ আগত মিছা মাতিবলৈ বৰ টান পাওঁ, আনকি কিবা গুৰুতৰ কাৰণ থাকিলেও৷ তাৰ সৰলতাৰ বাবেই ভালেমান ক্ষেত্ৰত মই মোৰ সিদ্ধান্ত সলনি কৰিবলগীয়া হয়৷ এই কথাষাৰ মই ক’ৰবাত পঢ়িছিলো আৰু এতিয়া নিজেও বিশ্বাস কৰো যে, ‘‘এটি শিশুৱেহে এগৰাকী মাতৃৰ জন্ম দিয়ে’’৷

৯. মাতৃত্বৰ প্ৰত্যাহ্বান মোকাবিলা কৰা আৰু আনন্দক আঁকোৱালি লোৱাৰ বাবে এই দিশত আগবাঢ়ি যাবলৈ আপুনি অন্যান্য নতুন মাতৃসকলক কি পৰামৰ্শ দিব?

উত্তৰঃ শাৰীৰিক পৰিবৰ্তন আৰু মানসিক অৱসাদৰ মাজতে শক্তিশালী হৈ ৰোৱাটো অতি কঠিন হৈ পৰে৷ আপুনি যেতিয়াই দুৰ্বল অনুভৱ কৰে, তেতিয়াই মনত পেলাব যে, কেৱল এগৰাকী মহিলাইহে এটি শিশু জন্ম দিব পাৰে৷ সেয়েহে, এই ক্ষেত্ৰত আপুনি অদ্বিতীয়৷ এটি কণমানিক জন্ম দিয়াৰ পাচত লাভ কৰা আনন্দৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ মাতৃত্বৰ প্ৰতিটো মুহূৰ্তকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in