মানকাচৰৰ মেলা ঘাটত ষট্ পূজা : সূৰ্য দেৱতাক প্ৰণাম জনাই বিশ্ব শান্তিৰ পূজা- অৰ্চনা

মানকাচৰৰ মেলা ঘাটত ষট্ পূজা : সূৰ্য দেৱতাক প্ৰণাম জনাই বিশ্ব শান্তিৰ পূজা- অৰ্চনা

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ মেলা ঘাটত ষট্ পূজা : সূৰ্য দেৱতাক প্ৰণাম জনাই বিশ্ব শান্তিৰ পূজা- অৰ্চনা

ডিজিটেল সংবাদ, মানকাচৰ : ষট্ পূজা মানে সূৰ্য দেৱতাৰ পূজা। বিহাৰ, উৰিষ্যা, পশ্চিমবংগৰ সমান্তৰালকৈ অসমতো উলহ - মালহেৰে অনুষ্ঠিত কৰা হয় ষট্ পূজা। পূজা উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা নদীৰ পাৰত অস্থায়ীভাৱে নিৰ্মান কৰা পূজা মণ্ডপত হেজাৰ হেজাৰ ভক্তৰ সমাগম হয় ।

জিলাখনৰ বিশেষকৈ মানকাচৰ মেলাঘাটস্থিত কালো নদীৰ দুয়ো পাৰে জাক- জমকতাৰে এইবাৰ অনুষ্ঠিত কৰা হৈছে ষট্ পূজা। বৃহস্পতিবাৰে বিয়লি ২ বজাৰ পৰা সূৰ্য অস্ত যোৱা সময়লৈ ধূপ ,ধূনা, নৈবৰ্দ্য, নানা ধৰণৰ ফলমূল, পিঠা পনা লৈ ভক্তপ্ৰাণ ৰাইজ সূৰ্য্য দেৱতাক নদীৰ পাৰত আৰাধনা কৰিব। ইফালে শুকুৰবাৰে পুৱতি নিশা ৩-০০ বজাত সূৰ্য উদয় হোৱাৰ পাছত পূজাৰ সামৰণি পৰিব।

Also Read: ঢকুৱাখনাত অঘটন : অৰ্ধগলিত অৱস্থাত উদ্ধাৰ...

ষট্ পূজা