ডিজিটেল সংবাদ, চতিয়া : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চতিয়াৰ ইটাখোলা অঞ্চলৰ খেৰবাৰীৰ বুৰবুৰি ঘাটত বৃহস্পতিবাৰে বিয়লি ৩৩ সংখ্যক ষট্ পূজা উদযাপন কৰা হয় ৷ খেৰবাৰি বুৰবুৰি শ্ৰী শ্ৰী ষট্ পূজা উদযাপন সমিতিৰ উদ্যোগত ষট্ পূজা উদযাপন কৰে ভক্তসকলে।
প্ৰত্যেক বছৰৰ ধৰে এই বছৰো অতি উলহ- মালহৰে ষট পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে । নদী পাৰত এই দৰে সূৰ্য দেৱতাক আৰধনা কৰি ভক্ত প্ৰাণ ৰাইজে নিজৰ মনৰ আশা আকাংক্ষা পুৰণৰ বাবে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে ।
বিগত ৩৩ বছৰ ধৰি এই পূজা উদযাপন কৰি আহিছে ভক্তপ্ৰাণ ৰাইজে। আৰক্ষী প্ৰসাশনে পূজাস্থলীসমূহত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলাও দেখা গৈছে ৷
Also Read: জামুগুৰিহাটৰ লগতে চিলাপথাৰতো ষট্ পূজা উদযাপন