ষট পূজাৰ কিয় আৰু কেতিয়াৰে পৰা পালন কৰা হৈছে। ষট পূজাৰ সময়ত কি কি নীতি-নিয়ম পালন কৰিব লাগে। ষট পূজাৰ সময়ত কি কাম কৰিব নালাগে। অসমত ষট পূজাৰ ব্যস্ততা কেনে। সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
আজি ষট পূজা। ষট পূজা বা ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষট পূজা পূজা অনুষ্ঠিত কৰা হয়।
উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষট পূজা ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য আৰু তেওঁৰ দুই পত্নী ঊষা আৰু সন্ধ্যা। কিছুমানৰ মতে ঊষাদেৱীক ছঠি মাইয়া বুলি মূল আৰাধ্য দেৱী বুলি গণ্য কৰা হয়।
তেওঁ সূৰ্য দেৱতাৰ আটাইতকৈ সৰু ঘৈণী আছিল বাবে ছটি মাইয়া (সৰু মা) বোলে আৰু উৎসৱৰ নামো ছট উৎসৱ বোলে। আনহাতে কিছুমানৰ মতে ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰায়ে উৎসৱটোৰ নাম ছঠ বা ছট হৈছে।মূলতঃ হিন্দু উৎসৱ যদিও কিছুমান মুছলমান বা আন ধৰ্মৰ মানুহেও এই পূজা অনুষ্ঠিত কৰে।
এই পূজাৰ নীতি-নিয়ম চাৰিদিন পালন কৰা হয়।ইয়াৰ ৰীতি সমূহৰ ভিতৰত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত সোমাই থকা, সূৰ্য প্ৰাৰ্থনা আৰু উদিত আৰু মাৰ যোৱা সূৰ্যক অৰ্ঘ্য প্ৰদান।এই পূজাত কিছুমান ভক্তয়ে নদীৰ ঘাটলৈ যাওঁতে বাগৰি বাগৰি যোৱাৰ দৃশ্য দেখা যায়।
ষট পূজাৰ ইতিহাসঃ
এই পূজাৰ কেতিয়া উৎপত্তি হৈছিল তাৰ কোনো স্পষ্ট নিদৰ্শন পোৱা নাযায়। কিন্তু কিছুমান পৌৰাণিক আখ্যানত ষট পূজাৰ নীতি নিয়মৰ লগত মিল থকা উৎসৱ দেখা যায়। ঋকবেদতৰ শ্লোকসমূহত সূৰ্য বন্দনাৰ স্পষ্ট নিদৰ্শন আছে। ভাৰতীয় সভ্যতাৰ লগতে গ্ৰীক, ৰোমান, ইজিপ্ট আদিৰ সভ্যতাসমূহতো সূৰ্য মুখ্য দেৱতা আছিল। সেইদৰে ঊষায়ো বৈদিক দেৱী।
বেদত উল্লেখ থকা মতে তেওঁ হৈছে পুৱাৰ দেৱী আৰু অশ্বিন সকলৰ মাতৃ। অগ্নি, সোম আৰু ইন্দ্ৰ আদি দেৱতাসকলৰ পিছত তেঁৱে হৈছে আটাইতকৈ উল্লেখযোগ্য বৈদিক দেৱী। ৰাত্ৰি হৈছে তেওঁৰ ভগ্নী যিয়ে হয়তো পিছলৈ পৌৰাণিক যুগত সন্ধ্যা আৰু ছায়া ৰূপত কল্পয়িত কৰা হ’ল।
ৰামায়ণত উল্লেখ থকাৰ মতে ৰামৰ কুলদেৱতা সূৰ্যৰ বাবে ৰাম আৰু সীতায়ে এই পূজা কৰিছিল। মহাভাৰতত উল্লেখ থকাৰ মতে দ্ৰৌপদীয়ে ধম্য ঋষিৰ উপদেশৰ মতে সূৰ্যক আৰাধনা কৰি অক্ষয় পাত্ৰ লাভ কৰিছিল। লগতে মহাবীৰ কৰ্ণয়ে কঁকাললৈকে পানীত সোমাই সূৰ্য উপাসনা কৰা উল্লেখ আছে। আজিও ছঠ পূজা উদযাপন কৰা সকলে কঁকালৰ লৈকে পানীত নামি সূৰ্য বন্দনা কৰা দেখা যায়।
আন এক আখ্যান মতে পাণ্ডুয়ে ঋষি হত্যাৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে পত্নী কুন্তী আৰু মাদ্ৰীৰ লগত বনত থাকোঁতে পুত্ৰ প্ৰাপ্তিৰ বাবে সৰস্বতী নদীৰ পাৰত সূৰ্য উপাসনা আৰু ব্ৰত কৰিছিল।পুৰাণৰ মতে প্ৰথম মনু প্ৰিয়বতৰ কোনো সন্তান নাছিল। সেয়ে তেওঁৰ পিতৃ কাশ্যপ মুনিয়ে পুত্ৰেষ্ঠী যজ্ঞ কৰিবলৈ পৰামৰ্শ দিলে। ইয়াৰ ফলত তেওঁৰ ঘৈণী মালিনীয়ে মৃত পুত্ৰ এটি জন্ম দিলে।
মৃত শিশু দেখি তেওঁলোকে বিলাপ কৰি থাকোঁতে আকাশৰ পৰা এগৰাকী দিব্য কন্যা প্ৰকট হ’ল। তেওঁ নিজকে ব্ৰহ্মাৰ মানস পুত্ৰী বুলি চিনাকি দিলে আৰু মৃত পুত্ৰক স্পৰ্শ কৰাৰ লগে লগে সি জী উঠিল। এতিয়াও ঊষা দেৱীৰ মূৰ্তি কোলাত কেঁচুৱালৈ থকা অৱস্থাত কল্পনা কৰা হয় আৰু পুত্ৰ প্ৰাপ্তিৰ বাবে ব্ৰত উপাসনা কৰা হয়।তদুপৰি লৌকিক দেৱী হিচাপে আন বহুতো লোককথা আখ্যান হিচাপে মানুহৰ মুখে মুখে চলি আহিছে।
ষট পূজাৰ ধৰ্মীয় আচাৰঃ-
ষট পূজাত কোনো মূৰ্তি উপাসনাৰ ঠাই নাই। ইয়াত ডুবিত আৰু উদিত সূৰ্যক পূজা কৰা হয়। আজিকালি পূজা অনুষ্ঠিত কৰা সমিতিসকলে ঘাটৰ ওচৰত সূৰ্য আৰু ঊষাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা দেখা যায়।
পূজাৰ দুদিন আগত লাও ভাত আৰু আৰু এদিন আগত খিৰ ভাত খোৱাৰ লগতে ৩৬ ঘণ্টাৰ এক কঠোৰ ব্ৰত পালন কৰা হয়। পূজাত সম্পূৰ্ণ সাত্বিক নৈবেদ্য আদি কূলা, ডলা বা পাচিত ৰাখি উচৰ্গা কৰা হয়।
বিভিন্ন ফল মূল, মিঠাই আদিৰ লগতে পৰম্পৰাগত বিহাৰী লোকখাদ্য "ঠেকুৱা" প্ৰস্তুত কৰি নৈবেদ্য ৰূপে আগবঢ়োৱা হয়। এই সময়ত নিমখ-নহৰু বৰ্জিত সম্পূৰ্ণ নিৰামিষ খাদ্য গ্ৰহণ কৰা হয়।
পূজাৰ শেষত আত্মীয় স্বজন, প্ৰতিবেশীক প্ৰসাদ বিলোৱা এই পূজাৰ অন্যতম নিয়ম। এই পূজাত কিছুমানে বাগৰি বাগৰি নদীৰ ঘাটলৈ গৈ পূজা কৰাৰ দৃশ্যয়ো দেখিবলৈ পোৱা যায়।বৰ্তমান এই পূজা এক সৰ্বজনীন ৰূপ লৈছে। বিভিন্ন ভাষা ভাষী, ধৰ্ম সম্প্ৰদায়ৰ মানুহে এই পূজাৰ মাহাত্ম্য উপলব্ধি কৰি আঁকোৱালি লৈছে।
গুৱাহাটীত ষট পূজাক লৈ গুৱাহাটীত ব্যস্ততাঃ
ষট পূজা উপলক্ষে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত নীতি নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে । ৭ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰৰ পূজা শেষ নোহোৱালৈ বাহাল থাকিব এই নীতি-নিৰ্দেশনা ।
৭ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা ৮ নৱেম্বৰ পূজা সম্পূৰ্ণ নোহোৱালৈকে গুৱাহাটী মহানগৰৰ ভিতৰত কোনো ধৰণৰ বাণিজ্যিক বাহন বা অন্যান্য গধুৰ সামগ্ৰী কঢ়িয়াই অনা বাণিজ্যিক সামগ্ৰীৰ চলাচলৰ অনুমতি দিয়া নহ'ব ।
ভক্তসকলৰ সৈতে পূজাৰ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে কোনো বাহনক এম জি ৰোডৰ মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশ বাংলো পইণ্টলৈ চলাচল কৰিবলৈ অনুমতি দিয়া নহ'ব ।
৭ নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা ৮ নৱেম্বৰ পূজা শেষ নোহোৱা পৰ্যন্ত ধীৰ গতিৰ বাহন চলাবলৈ অনুমতি দিয়া নহ'ব । এই নিষেধাজ্ঞা পূজাৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ভক্তসকলে ব্যৱহাৰ কৰা লেহেম গতিৰ বাবে প্ৰযোজ্য নহ'ব ।
খানাপাৰাৰ ফালৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো চিটি বাছে জি এছ ৰোড-এটি ৰোড হৈ যাব লাগিব । তেওঁলোকে পানবজাৰ হৈ ঘূৰিব নোৱাৰিব । জালুকবাৰীৰ পৰা অহা আন্তঃজিলা বাছ আৰু এ এছ টি চিৰ অধীনত চলি থকা ৰঙা ৰঙৰ গ্ৰাম্য সেৱাসহ কোনো গধুৰ বাহনক মহানগৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব ।
এইচ বি ৰোডত শনি মন্দিৰৰ পৰা পানবজাৰ পুলিচ পইণ্টলৈ, দুয়োফালে যান-বাহন চলাচল কৰিবলৈ অনুমতি দিয়া হ'ব । লাচিত ঘাটৰ ভিতৰত কোনো বাহন পাৰ্কিং কৰিবলৈ দিয়া নহ'ব ।
ষট পূজাত কি কি কাম কৰিব নালাগেঃ
এই উৎসৱত বিশুদ্ধতাৰ দিশত বিশেষ নজৰ দিয়া উচিত আৰু ভুলতো নিমখ ব্যৱহাৰ কৰা উচিত নহয়। কোনো প্ৰকাৰে অপবিত্ৰতাৰ সুযোগ থকা উচিত নহয়। এই উৎসৱত এটা নতুন চৌকা থাকিব লাগে, সেয়া মাটিৰে তৈয়াৰী হ’ব লাগে।
ইয়াৰ উপৰি জ্বলোৱা খৰি থাকিব লাগে। ইয়াত পঞ্চগব্যৰ বিশেষ গুৰুত্ব আছে, কাৰণ পঞ্চগব্য ছটিয়াই চৌকা বহুৱাই তাৰ ওপৰত ৰন্ধা হয়। এই উৎসৱত পুৰণি কাপোৰ ব্যৱহাৰ কৰা উচিত নহয়। ইয়াৰ উপৰি, পুৰণি পাত্ৰ ব্যৱহাৰ কৰা উচিত নহয়। এই উৎসৱৰ সময়ত আপুনি যদি এনে ভুল কৰে, তেন্তে আপুনি দেৱীৰ ক্ৰোধৰ চিকাৰ হ’ব পাৰে, ফলত নানা শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।
গুৱাহাটীৰ লগতে অসমৰ ভিন্ন প্ৰান্তত ষট পূজাৰ ব্যস্ততা দেখা গৈছে। ভিন্ন জিলাত প্ৰশাসনেও গ্ৰহণ কৰিছে কিছু বিশেষ ব্যৱস্থা। গুৱাহাটীত অৱশ্যে ষট পূজাৰ ব্যস্ততা অন্য জিলাতকৈ অধিক।