মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ
Published on
Updated on

ডিজিটল ডেস্কঃ দিল্লী সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ গোচৰত জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক।

দিল্লীৰ ৰাউজ এভিনিউ আদালতে কেজৰিৱালৰ জামিন মঞ্জুৰ কৰে। ইডি য়ে ৪৮ ঘন্টা বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল যদিও আদালতে ইডি ৰ অনুৰোধ নাকচ কৰে। উল্লেখ্য যে, আদালতে মুখ্যমন্ত্ৰী কেজৰিৱালক ১ লাখ টকাৰ ব্যক্তিগত বণ্ডত জামিন মঞ্জুৰ কৰে। শুকুৰবাৰে তিহাৰ জেলৰ পৰা ওলাই আহিব অৰবিন্দ কেজৰিৱাল।

মুখ্যমন্ত্ৰী কেজৰিৱালক ২১ মাৰ্চত ধন সৰবৰাহৰ গোচৰত ইডি য়ে গ্ৰেপ্তাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনত প্ৰচাৰৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ ২ জুনত তিহাৰ কাৰাগাৰ প্ৰশাসনৰ সন্মুখত তেওঁ আত্মসমৰ্পণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in