বিশ্বনাথৰ নৱ নিৰ্মিত জিলা চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশ্বনাথৰ নৱ নিৰ্মিত জিলা চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Published on

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথৰ নৱ নিৰ্মিত ২০০ খন বিচনাযুক্ত জিলা চিকিৎসালয়খন মঙলবাৰে বিয়লি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। ইয়াৰ পূৰ্বে বিশ্বনাথত নৱনিৰ্মিত মেডিকেল কলেজখন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত বিশ্বনাথ মেডিকেল কলেজ খনত ২০২৫ চনৰ নৱেম্বৰ মাহৰ পৰা চিকিৎসাসেৱা আগবঢ়াব বুলি উল্লেখ কৰাৰ লগতে ২০২৬ চনত নেচনেল মেডিকেল কলেজৰ স্বীকৃতিৰ কাৰণে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰে। বিশ্বনাথ চিকিৎসালয়ত এটা ডাইলেচিছ কেন্দ্ৰ দিয়াৰ কথা উল্লেখ কৰাৰ লগতে অহা নৱেম্বৰ মাহৰ পৰা এই ডাইলেচিছ কেন্দ্ৰটো আৰম্ভ বুলি উল্লেখ কৰে।

আজিৰ ২০০ খন বিচনাযুক্ত জিলা চিকিৎসালয়খন উদ্বোধনী কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা আয়ুক্ত ডা: নেহা যাদৱ, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ, বিজেপিৰ জিলা সভাপতি দিগন্ত ঘটোৱাৰ,চিকিৎসক ডা: জোনালী গগৈৰ লগতে চিকিৎসক সকল,চিকিৎসালয় খনৰ কৰ্মচাৰী সকল উপস্থিত থাকে।

বিশ্বনাথৰ নৱ নিৰ্মিত জিলা চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in