গহপুৰৰ আবৰ্ত্ত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

গহপুৰৰ আবৰ্ত্ত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

author-image
Asomiya Pratidin
New Update
গহপুৰৰ আবৰ্ত্ত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বুধবাৰে লখিমপুৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে যোৱাৰ পথত মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত গহপুৰৰ আবৰ্ত্ত ভৱনত এক বৈঠকত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গহপুৰ আৱৰ্ত্ত ভৱনত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগ আৰু আৰ্কিটেকৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ প্ৰাক্-কলন সন্দৰ্ভত বিষয়ববীয়া সকলৰ পৰা বুজ লয়। লগতে স্থানীয় আটছা, আছাকে ধৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াৰ লগতো এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ বিষয়টো আলোচনা কৰি থকা বুলি উল্লেখ কৰাৰ লগতে গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টোক লৈ কেন্দ্ৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰি থৈছে, সেইবাবে এই বিষয়টোৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। অস্থায়ী স্বাস্থ্যকৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত নিৰ্ভৰ কৰিব। অতিশীঘ্ৰে গহপুৰ - লখিমপুৰ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰা হ'ব বুলি তেওঁ কয়।

আজি গহপুৰ আবৰ্ত্ত ভৱনত মুখ্যমন্ত্ৰীগৰাকীক গহপুৰ মহকুমা প্ৰশাসনৰ হৈ অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাৰ লগতে শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু আটছা,আছাৰ প্ৰতিনিধি দলে ফুলাম গামোচাৰে আদৰণি জনায়।

himanta biswa sarma gohpur