বিধানসভা নিৰ্বাচনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ সহ-প্ৰভাৰী নিযুক্তি

বিধানসভা নিৰ্বাচনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ সহ-প্ৰভাৰী নিযুক্তি
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পাছতেই দেশত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। দেশৰ তিনিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্যকেইখনত প্ৰস্তুতি আৰম্ভ হৈছে ৷

আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলগা চাৰিখন ৰাজ্যত নিৰ্বাচনৰ বাবে দলীয় প্ৰভাৰী আৰু সহ প্ৰভাৰী নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিৰ্বাচনী প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিছে ৷

কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে এই তালিকাত স্থান পাইছে। বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাক দলীয় নিৰ্বাচনী দায়িত্ব অৰ্পণ কৰিছে৷ প্ৰভাৰী আৰু সহ-প্ৰভাৰীৰ এই তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও অন্তৰ্ভুক্ত হৈছে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক ৰাজ্যখনৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷

বিধানসভা নিৰ্বাচনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ সহ-প্ৰভাৰী নিযুক্তি
বৰষুণৰ অপেক্ষাত উত্তৰ প্ৰদেশ-বিহাৰ, বিপৰীতমুখী ছবি অসমত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in