কেবিনেট বৈঠকলৈ মুখ্যমন্ত্ৰীৰ আগমনে সলনি কৰিলে বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ চেহেৰা

পুখুৰী সদৃশ গাঁতে ছমাহে নৰক যন্ত্ৰণা ভোগাই আহিছিল ৰাইজক
কেবিনেট বৈঠকলৈ মুখ্যমন্ত্ৰীৰ আগমনে সলনি কৰিলে বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ চেহেৰা
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বুধবাৰে লখিমপুৰত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে মঙলবাৰে যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী মণ্ডলী। সেয়ে অসম চৰকাৰৰ বৰমূৰীয়াসকলৰ গাড়ীৰ চকা যাতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ দ' গাঁতত নপৰে তাৰ বাবে আজি লোক নিৰ্মাণ বিভাগৰ যুদ্ধকালীন তৎপৰতা দেখা গ'ল গহপুৰ-লখিমপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত।

উল্লেখযোগ্য যে- উত্তৰ অসমৰ এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে পৰিচিত গহপুৰৰ পৰা নাৰায়ণপুৰ হৈ লখিমপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বিধ্বস্ত অৱস্থাই বাৰুকৈয়ে দুৰ্ভোগ ভোগাই আহিছে ৰাইজক। পথটোৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতসমূহ মৰণফান্দলৈ পৰিণত হোৱাত গাড়ী-বাইকেৰে যাত্ৰা কৰাতো অসম্ভৱ হৈ পৰে সকলোৰে বাবে। পৰিস্থিতিয়ে এনে পৰ্য্যায় পাইগৈ যে ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজত থকা পুখুৰী সদৃশ গাঁতসমূহৰ মাজত গছৰ ডাল ৰুই সাংকেতিক চিহ্ন দিবলগীয়া হয় স্থানীয় ৰাইজে।

এইক্ষেত্ৰত গহপুৰৰ মিলনপুৰৰ পৰা আৰম্ভ কৰি ধলপুৰ পৰ্য্যন্ত নৰককুণ্ডত পৰিণত হয় ৰাষ্ট্ৰীয় ঘাইপথটো। পথটোৰ এনে বিধ্বস্ত অৱস্থাৰ বাবে যান বাহনৰ সঘন কাৰিকৰী বিজুতী,সঘনাই সৰু-বৰ দুৰ্ঘটনা আদি সংঘটিত হোৱাটো পৰিণত হয় সাধাৰণ নিয়মত।বিশেষকৈ বৰষুণৰ বতৰত উক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়ত কৰাতো বিপজ্জনক হৈ পৰে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনে ভয়াবহ অৱস্থাৰ বিষয়ে স্থানীয় সাংবাদিকসকলে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পিছতো গা ল'ৰা নাছিল জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগৰ। যাৰ বাবে যোৱা প্ৰায় ছমাহ ধৰি এক নৰকযন্ত্ৰণা ভোগ কৰি আহিবলগীয়া হয় উত্তৰ পাৰৰ ৰাইজে।

কিন্তু আচৰিত কথা এয়ে যে-সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰি আৰু ৰাইজৰ আবেদন নিবেদনেও গা লৰাব নোৱাৰা লোক নিৰ্মান বিভাগে আজি পুৱাৰে পৰা হঠাৎ যুদ্ধকালীন তৎপৰতা দেখুৱাই মেৰামতি কৰি এফালৰ পৰা পুতি আহিল পথটোৰ পুখুৰী সদৃশ গাঁত সমূহ। ছমাহে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন লোক নিৰ্মাণ বিভাগৰ এনে আচম্বিত তৎপৰতা দেখি ভুক্তভোগী ৰাইজ আচৰিত হৈছিল যদিও পিছত ৰাইজে জানিব পাৰে যে লখিমপুৰৰ কেবিনেট বৈঠকলৈ মুখ্য মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী মণ্ডলী যোৱাৰ বাবে সুগম কৰি তোলা হৈছে বিধ্বস্ত পথছোৱা।

লোক নিৰ্মাণ বিভাগৰ এই তৎপৰতাই এটা কথা স্পষ্ট কৰি তুলিলে যে তেওঁলোক সাধাৰণ ৰাইজৰ ওচৰত তিলমাণো দায়বদ্ধ নহয়। তেওঁলোক দায়বদ্ধ কেৱল ৰজাঘৰীয়া পক্ষৰ ওচৰতহে। অৱশ্যে এটা কথা ঠিক যে-লোক নিৰ্মাণ বিভাগে আজি যি ধৰণে পথছোৱা মেৰামতি কৰিছে সেই মেৰামতিৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে অতি সোনকালে যে পুনৰ পথছোৱা বিধ্বস্ত হৈ পৰিব সেয়া কিন্তু নিশ্চিত।

কেবিনেট বৈঠকলৈ মুখ্যমন্ত্ৰীৰ আগমনে সলনি কৰিলে বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ চেহেৰা
মমতা বেনাৰ্জীৰ চৰকাৰে যৌন নিৰ্যাতনৰ বিৰুদ্ধে আনিলে কঠোৰ আইন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in