নগাঁৱৰ 'শিল্প কানন'ৰ চোতালত শিশু দিৱস উদযাপন

আজি নগাঁৱতো বিস্তৃতভাৱে শিশু দিৱস উদযাপন কৰা হয় । সামাজিক-সাংস্কৃতিক অনুষ্ঠান আমোলাপট্টিৰ 'শিল্প কানন'ৰ উদ্যোগত ভিন্নসুৰী অনুষ্ঠানেৰে শিশু দিৱস উদযাপন কৰা হয় । 

author-image
Asomiya Pratidin
New Update
শি

ডিজিটেল সংবাদ, নগাঁও : দেশ তথা ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে আজি নগাঁৱতো বিস্তৃতভাৱে শিশু দিৱস উদযাপন কৰা হয় । নগাঁও চহৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান আমোলাপট্টিৰ 'শিল্প কানন'ৰ উদ্যোগত ভিন্নসুৰী অনুষ্ঠানেৰে শিশু দিৱস উদযাপন কৰা হয় । 

এই উপলক্ষে 'শিল্প কানন'ৰ চোতালত প্ৰাকৃতিক পৰিবেশত বৃহস্পতিবাৰে বিয়লি ৩-০০ বজাৰ পৰা এলানি বিশেষ অনুষ্ঠান ৰূপায়িত হয় । নগাঁও জিলা নাট্য সন্মিলনৰ সম্পাদক জিতু মহন্তই বন্তি প্ৰজ্বলন কৰি পাতনি মেলা অনুষ্ঠানটিৰ উদ্বোধনী ভাষণ প্ৰদান কৰে অভিনেতা মনোজ কুমাৰ বৰদলৈয়ে । 

সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আৰু সাংস্কৃতিক সংগঠক নানু দাস মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানটিত প্ৰথমে বৰগীত পৰিৱেশন কৰে শিশু পৰাণজ্যোতি বৰাই । মুখ্য অতিথি হিচাপে সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই শিশুসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য দাঙি ধৰে । 

অভিনেত্ৰী সুস্মিতা শইকীয়া আঁত ধৰা অনন্য অনুষ্ঠানটিত অন্তৰীক্ষ বৰকটকী, হৰ্ষো গোস্বামী আদিয়ে কবিতা আবৃত্তি পৰিৱেশন কৰাৰ বিপৰীতে দিবাশ্ৰী শৰ্মা আৰু কাশ্যপী বৰুৱাই গীত পৰিৱেশন কৰে । শিবাংগী, জিজ্ঞাসা আদিয়ে নৃত্য পৰিৱেশন কৰা এই অনুষ্ঠানটিতে সমৰকলাৰ কৌশল প্ৰদৰ্শন কৰে প্ৰতীক দাসে । 

অনুষ্ঠানটিৰ শেষ পৰ্যায়ত মেঘালী দেৱীৰ 'সংকল্প' নামৰ এখন শিশুনাটো পৰিৱেশন কৰা হয় । ফাইজুল ইছলামে পৰিচালনা কৰা নাটখনৰ সামগ্ৰিক ব্যৱস্থাপনাত আছিল নাট্যশিল্পী সোণমণি বেজবৰুৱা । পৰিৱেশ প্ৰদূষণ ৰোধৰ আহ্বান সম্বলিত বাৰ্তাবাহী নাটখন শতাধিক লোকে মুকলি পৰিৱেশতেই উপভোগ কৰে ।

শিশু দিৱস