ডিজিটেল ডেস্কঃ সন্ধানহীন হোৱা বুলি চৰ্চা চলা চীনৰ বিদেশ মন্ত্ৰীৰ তথ্য অৱশেষত পোহৰলৈ। অবৈধ প্ৰেমৰ বাবেই হেৰাই আছিল চীনৰ বিদেশ মন্ত্ৰী কিন গেং। এই কথা পোহৰলৈ অহাৰ লগে লগে পদৰ পৰা বৰ্খাস্ত হ'ল কিন গেং। যি কথা প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।
বিগত এমাহ ধৰি সন্ধানহীন হৈ আছিল চীনৰ বিদেশ মন্ত্ৰীগৰাকী। ২০২২ চনৰ ডিচেম্বৰত চীনৰ বিদেশ মন্ত্ৰী হিচাবে পদগ্ৰহণ কৰাৰ পিছৰে পৰা চীনৰ এজন বিশিষ্ট তথা প্ৰভাৱশালী কূটনীতিবিদ হিচাবে পৰিচিত হোৱা কিন গেঙক চীনা জনতাই এমাহ ধৰি দেখা নাছিল কোনোধৰণৰ ৰাজহুৱা সভাত। ২৫ জুনত ৰাছিয়া, ভিয়েটনাম আৰু শ্ৰীলংকাৰ বিষয়াৰ সৈতে এক বৈঠকত অন্তিম বাৰৰ বাবে কিনক ৰাজহুৱা ভাবে দেখা পোৱাৰ পাছত স্বাস্থ্যৰ কথা দোহাই দি তেওঁ বাতিল কৰিছিল বহু কেইখন গুৰুত্বপূৰ্ণ অনুষ্ঠান।
ইয়াৰ পাছতে কিন গেঙক লৈ চৰ্চা চলিছিল সমগ্ৰ বিশ্বতে। চীনা জনতাৰ একাংশই স্বাস্থ্য কথা উল্লেখ কৰাৰ বিপৰীতে একাংশই ৰাজনৈতিক কাৰণত তেওঁ জনতাৰ দৃষ্টিৰ পৰা আঁতৰি থকাৰ কথা ব্যক্ত কৰাৰ সমান্তৰালভাবে আন একাংশই ব্যক্তিগত কেলেংকাৰীৰ বাবে আত্মগোপন কৰাৰ কথা বিভিন্ন সূত্ৰত প্ৰকাশ কৰিছিল। বিশ্ববাসীয়ে ভাৱিছিল ৰাজনৈতিক স্থিতি সবল কৰাৰ বাবে আত্মগোপন কৰিছে কিঙে।
এই সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়েও মত ব্যক্ত কৰাৰ পৰা বিৰত থকা, সাংবাদিকৰ সৈতে মুখামুখি নহ'বৰ বাবে কঠোৰ স্থিতি অৱলম্বন কৰা, চীনা চৰকাৰো মৌন হৈ থকা আদি কথাবোৰে কৌতুহল সৃষ্টি কৰিছিল ৰাজনৈতিক মহলত।
পিছে এই কৌতুহলৰ চেৰ পেলাই অৱশেষত এটা ভিডিঅ'য়ে পোহৰলৈ আনিছে কথাবোৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'টোত কিন গেঙক দেখা পোৱা গৈছে এগৰাকী আমেৰিকান টেলিভিচন এংকৰৰ সৈতে। এংকৰগৰাকীৰ নাম ফু জিয়োতিয়ান। এটা বছৰৰ পূৰ্বে ফু জিয়োতিয়ানে এটা সন্তানৰ মাতৃ হোৱা বুলি উল্লেখ কৰি পিতৃ চীনা মূলৰ বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল।
এই কথা সিমানতেই শেষ হৈছিল যদিও এতিয়া কিন গেঙৰ সৈতে শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ'টোৱে পুনৰ চৰ্চা লৈ আনিছে দুয়োকে। যাৰ বাবে চীনৰ বিদেশ মন্ত্ৰী পদ হেৰুৱালে কিন গেঙে। তথ্য অনুসৰি চীনৰ কমিউনিষ্ট চৰকাৰে অনুশাসনমূলক ব্যৱস্থা লৈ মন্ত্ৰিত্ব পদৰ পৰা তেওঁক বৰ্খাস্ত কৰে। আনহাতে এই পদত চীনা চৰকাৰে বুধবাৰে ৱাং য়িক নিযুক্তি দিয়ে।
Also Read: ইউনিকোডত অসমীয়া লিপিৰ স্বীকৃতিৰ দাবীত ৰাজ্যসভাত সৰৱ পবিত্ৰ মাৰ্ঘেৰিটা