ডিজিটেল ডেস্কঃ আফগানিস্তানৰ গাধ, কুকুৰৰ দালালি কৰি ধনী হ'ব পাকিস্তান ! পাকিস্তানে চীনলৈ গাধ আৰু কুকুৰ ৰপ্তানি কৰি দেশৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
পাকিস্তানৰ বাণিজ্য মন্ত্ৰণালয়ৰ বিষয়াসকসে চিনেটৰ স্থায়ী এই বিষয়ে পৰামৰ্শ আগবঢ়াইছে। তেওঁলোকে কৈছে যে চীনে পাকিস্তানৰ পৰা গাধ ৰপ্তানি কৰিবলৈ আগ্ৰহী। বিষয়াসকলৰ মতে চীন মাংস ৰপ্তানিৰ এখন ডাঙৰ বজাৰ। চীনেও পাকিস্তানক গাধ আৰু কুকুৰ ৰপ্তানি কৰিবলৈ পৰামৰ্শ আগঢ়াইছে।
চিনেটৰ আব্দুল কাদিৰ প্ৰকাশ কৰা মতে চীনা ৰাষ্ট্ৰদূতে বহুবাৰ পাকিস্তানৰ পৰা মাংস ৰপ্তানি কৰাৰ কথা কৈছে। চিনেটৰ আন এগৰাকী মিৰ্জা মহম্মদ আফ্ৰিদীয়ে তেওঁৰ পৰামৰ্শত কৈছে যে যিহেতু আফগানিস্তানত জন্তুবোৰৰ মূল্য তুলনামূলকভাৱে কম সেয়ে পাকিস্তানে সেইবোৰ আমদানি কৰি তাৰ পিছত চীনলৈ মাংস ৰপ্তানি কৰিব পাৰে।
অৱশ্যে বৰ্তমান পশুৰ ছালৰ গোট খোৱা ৰোগ বিয়পি পৰাৰ বাবে আফগানিস্তানৰ পৰা পাকিস্তানলৈ জন্তু আমদানিত নিষেধাজ্ঞা জাৰি কৰি থোৱা আছে। পাকিস্তানে এইদৰে চীনলৈ গাধ আৰু কুকুৰ ৰপ্তানি কৰি অৰ্থনীতি উদ্ধাৰৰ বাবে লোৱা বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।