চীন-ভাৰত সম্পৰ্কৰ মাজত মাত মতাৰ প্ৰয়োজন নাই আমেৰিকাৰ

চীন-ভাৰত সম্পৰ্কৰ মাজত মাত মতাৰ প্ৰয়োজন নাই আমেৰিকাৰ

author-image
Asomiya Pratidin
New Update
চীন-ভাৰত সম্পৰ্কৰ মাজত মাত মতাৰ প্ৰয়োজন নাই আমেৰিকাৰ

চীন-ভাৰত সম্পৰ্কৰ মাজত মাত মতাৰ প্ৰয়োজন নাই আমেৰিকাৰ

ডিজিটেল ডেস্কঃ চীন-ভাৰত সংঘাতৰ মাজত মাত মতাৰ প্ৰয়োজন নাই আমেৰিকাৰ ! দুয়ো দেশৰ সম্পৰ্কৰ মাজত হস্তক্ষেপ কৰিব নালাগে আমেৰিকাই ! এই দাবী ভাৰতৰ কোনো শীৰ্ষ বিষয়া বা মন্ত্ৰীৰ নহয়। এই দাবী চীনৰহে।

চীনে আমেৰিকাক ভাৰত-চীন সম্পৰ্কক লৈ কোনো মতামত প্ৰদান নকৰিবলৈও সতৰ্ক কৰি দিছে। আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেণ্টাগনে কংগ্ৰেছক দাখিল কৰা এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ভাৰত আৰু চীনৰ মাজৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা ( এল অ' চি)ত সৃষ্টি হোৱা সংঘৰ্ষ হ্ৰাস কৰৰা লগতে সীমান্তৰ সংকট দূৰ কৰাৰ বাবে পেণ্টাগনে প্ৰচেষ্টা চলোৱাৰ পোষকতা কৰিছিল।

চীনৰ সামৰিক গঠন ক্ষমতা সন্দৰ্ভত কংগ্ৰেছক দিয়া শেহতীয়া প্ৰতিবেদনত পেন্টাগনে কয়, "চীন গণৰাজ্যই(পি আৰ চি) সীমান্তৰ উত্তেজনা হ্ৰাস কৰিব বিচাৰিছে যাতে ভাৰত আমেৰিকাৰ অধিক কাষ চাপিব নোৱাৰে।

২০২১ চনত, চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে চীন-ভাৰত সীমান্তৰ এটা শাখাত সামৰিক বাহিনী মোতায়েন বজাই ৰাখিছিল আৰু এল অ' চিত আন্তঃগাঁথনি নিৰ্মাণ অব্যাহত ৰাখিছিল। পেন্টাগনৰ প্ৰতিবেদনখনত কোৱা হৈছে, "দুয়োখন দেশৰ (চীন-ভাৰত) মাজত হোৱা আলোচনাই নূন্যতম অগ্ৰগতি লাভ কৰিছিল যদিও এয়া সফল নহ'ল। কিয়নো দুয়োপক্ষই সীমান্তত তেওঁলোকৰ নিজ নিজ স্থান এৰাৰ পৰা বিৰত আছিল।

দুয়োখন দেশে প্ৰতিপক্ষৰ সামৰিক বাহিনী প্ৰত্যাহাৰৰ দাবী কৰি আহিছে আৰু ইয়াৰ ফলত সংঘৰ্ষৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু চীন বা ভাৰত কোনোৱেই বৰ্তমানৰ স্থান এৰি যাবলৈ সন্মত নহয়।

প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে, ২০২০ চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষ আছিল ৪৬ বছৰত দুয়োখন দেশৰ মাজত সংঘটিত হোৱা আটাইতকৈ গুৰুতৰ উত্তেজনা।

২০২০ চনৰ ১৫ জুনত, গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষ। য'ত প্ৰায় ২০ জন ভাৰতীয় সৈন্যই প্ৰাণ হেৰুৱাইছিল আৰু ৪ জন চীনা সৈন্যও নিহত হৈছিল বুলি পেণ্টাগনৰ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।

ক্লিক কৰি পঢ়কঃ ডিব্ৰুগড় ৰেগিং কাণ্ডত নাম সাঙোৰ খালে সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ

আমেৰিকা চীন-ভাৰত সম্পৰ্ক