ডিজিটেল সংবাদ, চিৰাং: ৰাজ্যত পুনৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ধৰ্ষণকাৰীয়ে সামাজিক মাধ্যমত ভাইৰাল কৰিলে দলবদ্ধ ধৰ্ষণৰ ভিডিঅ। এই দলবদ্ধ ধৰ্ষণৰ জঘন্য ঘটনা সংঘটিত হৈছে চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণীখাতা থানা এলেকাত। ঘটনাক কেন্দ্ৰ কৰি এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্ট হৈছে ।
আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়া মতে নাবালিকাগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল বিগত আগষ্ট মাহত। সম্প্ৰতি উক্ত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ভিডিও সামাজিক মাধ্যমত ভাইৰাল হোৱাৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ।
ৰুণীখাতাৰ ১৬ বছৰীয়া কিশোৰী গৰাকীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাত দুজন নাবালক সহ মুঠ ছজন যুৱক জড়িত আছে। ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত উক্ত ভাইৰেল ভিডিঅৰ আঁত ধৰি ৰুণীখাতা থানাৰ আৰক্ষীয়ে ইতিমধ্যেই পাঁচ ধৰ্ষণকাৰীক মঙলবাৰে আটক কৰিছে আৰু এজন অভিযুক্ত পলাতক হৈ আছে। ভাৰতীয় ন্যায় সংহিতাৰ ৭০(২) প'কছ ধাৰাত ৰুণীখাতাৰ আৰক্ষী থানাত ২৩/২০২৪ গোচৰ পঞ্জীয়ন কৰা হৈছে ।
Also Read: দিগন্ত বিশ্ব শৰ্মাক সন্মানীয় ডিগ্ৰী প্ৰদানৰ ঘোষণা অসম বিশ্ববিদ্যালয়ৰ