ডিজিটেল সংবাদ, চিৰাং: এটা সময়ত চিৰসেউজ অঞ্চল হিচাপে চিহ্নিত চিৰাঙৰ ভাৰত-ভূটান সীমান্ত সংৰক্ষিত বনাঞ্চলত যোৱা কেইটা বছৰত বনমাফিয়াৰ কবলত পৰি একপ্ৰকাৰ ধ্বংস হৈ যোৱা এই সংৰক্ষিত বনাঞ্চলত আকৌ নতুনকৈ সেউজীকৰণ কৰা আশাৰ কিৰণ দেখিবলৈ পোৱা গৈছে। বিগত কেইটা বছৰত অবাধে গছ-গছনি কাটি বনধ্বংস কৰি বেদখল কৰা চিৰাং সংৰক্ষিত বনাঞ্চলৰ এটা অংশ বেদখলমুক্ত কৰি বনবিভাগৰ দ্বাৰা স্থাপন হৈছে গছপুলি উৎপাদন কৰা বিশাল নাৰ্ছাৰী।
চিৰাং সংৰক্ষিত বনাঞ্চলৰ এই নাৰ্ছাৰীত এইবেলি প্ৰায় ১৪ প্ৰজাতিৰ প্ৰায় দহ লক্ষাধিক গছপুলি ইতিমধ্যেই উৎপাদন কৰা হৈছে। ৰুণীখাতা বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে অসমীয়া প্ৰতিদিনৰ আগত জানিবলৈ দিয়া মতে যোৱা কিছুবছৰ ধৰি একাংশ বনমাফিয়াৰ পৃষ্ঠপোষকতাত এই ভাৰত-ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চলত অবাধে গছ গছনি কাটি তহিলং কৰি প্ৰায় ধ্বংস কৰি পেলোৱা হৈছিল । শেহতীয়াকৈ বিটিচি প্ৰশাসন আৰু অসম চৰকাৰৰ বনবিভাগৰ চিৰাং জিলাৰ এই প্ৰায় ধ্বংস হৈ যোৱা সংৰক্ষিত বনাঞ্চল পুনৰ সেউজী বনাঞ্চল হিচাপে ৰূপ দিয়াৰ মহৎ উদ্দেশ্য আগত ৰাখিয়েই এই নাৰ্ছাৰী স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কাৰণ বিটিচিৰ বনবিভাগৰ পৰা চিৰাং সংৰক্ষিত বনাঞ্চলৰ জৈৱবৈচিত্ৰ্যক সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই চিৰাং সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে বুলি সদৰি কৰে।
ভৱিষ্যত পৰিকল্পনাসমূহ বাস্তৱায়িত কৰাৰ কথা চিন্তা কৰিয়েই সদ্য প্ৰয়াত চিৰাঙৰ বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিৰ নেতৃত্বত বেদখল কৰি থকা লোকসকলক তাৰ পৰা আঁতৰাই পঠিয়াই পাঁচ হেক্টৰ ভূমি বেদখলমুক্ত কৰি প্ৰায় ৭৯ লাখ টকা ব্যয় সাপেক্ষে এই বিশাল নাৰ্ছাৰীখন স্থাপন কৰা হৈছিল। এই নাৰ্ছাৰীত উৎপাদিত অধিকাংশ গছপুলি ধ্বংস পিনে যোৱা চিৰাং সংৰক্ষিত বনাঞ্চলতে ৰোপন কৰা লক্ষ্য ৰখা হৈছে । তাৰ অংশ হিচাপে প্ৰতিদিনেই ভাৰতীয় সেনা, এচএচবি, বনবিভাগৰ উপৰি স্বেচ্ছাসেৱকৰসকলৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্য্যসূচী আৰম্ভ কৰা হৈছে।
বিগত বছৰ কেইটাত অবাধ বনধ্বংসৰ ফলত ভাৰত-ভূটান সীমান্ত অঞ্চলত গোলকীয় উষ্ণতাৰ যি ভাৰসাম্যহীন জলবায়ু পৰিৱৰ্তন আৰু তাৰ বহুত পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ভূমিগত জলস্তৰ ক্ৰমশঃ নিম্নগামী হৈছে, ভাৰত-ভূটান সীমান্তবাসী ৰাইজৰ উপাৰ্জনৰ অন্যতম আহিলা তামোলৰ উৎপাদন লক্ষ্যণীয়ভাৱে কমিবলৈ আৰম্ভ কৰিছে। যাৰফলত অঞ্চলটোৰ ৰাইজৰ জীৱন জীৱিকা যথেষ্ট প্ৰভাৱিত হৈছে।
প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ ৰোধ কৰিবলৈ ক্ৰমাত ধ্বংসমুখী বনাঞ্চলক পুনৰ সঞ্চাৰ কৰিবলৈ বিটিচিৰ বনবিভাগৰ পৰা এই যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা হৈছে । বনবিভাগৰ এই প্ৰয়াসক সফল কৰি তুলিবলৈ ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ পৰা গ্ৰহণ কৰা পদক্ষেপক নিত্যান্তই প্ৰশসংনীয় পদক্ষেপ বুলি বিবেচিত হৈছে । ইয়াৰ উপৰি প্ৰতিদিনে এই নাৰ্ছাৰীৰ পৰা হেজাৰ হেজাৰ গছপুলি জিলাখনৰ বিভিন্ন বিতৰণ বিপনীত পঠিয়াই দি বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্য্যসূচীৰ জৰিয়তে গছপুলি সমূহ ৰোপন কৰাৰ ব্যবস্থা কৰা হৈছে বুলি জানিবলৈ দিছে ।
Also Read: বিশ্বনাথত চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতি কৰা চক্ৰ উৎখাত