আৰক্ষীৰ জালত চিদলীৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি

আৰক্ষীৰ জালত চিদলীৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: অৱশেষত চিৰাং আৰক্ষীৰ জালত যৌন নিৰ্যাতনকাৰী জহিৰউদ্দিন দেৱান। নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনকাৰী পলাতক আছিল গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰউদ্দিন দেৱান।

চিৰাঙৰ চিদলী এলেকাৰ দুগৰাকী কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাবালিকা ছাত্ৰীক বহিঃৰাজ্যত কৰ্মসংস্থান দিয়াৰ প্ৰলোভনেৰে লৈ গৈছিল জহিৰউদ্দিন দেৱানে। ইয়াৰ পাছতেই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল জহিৰউদ্দিন দেৱানৰ বিৰুদ্ধে। তেতিয়াৰ পৰাই পলাতক আছিল মোজাবাৰী গাঁৱৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰদ্দিন দেৱান ।

উল্লেখ্য যে ৰক্ষক হৈ ভক্ষকৰ ভূমিকা গ্ৰহণ কৰা এইজন গাঁওৰক্ষী বাহিনীৰ সভাপতি অভিযুক্ত জহিৰউদ্দিন দেৱানক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন কৰি দুই শতাধিক মহিলাই সোমবাৰে দিনটোত চিদলী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

আৰক্ষীৰ জালত চিদলীৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in