ডিজিটেল ডেস্কঃ নিবনুৱাৰ বাবে আন এক ভাল খবৰ। কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত ৫৪০ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ২৬ তাৰিখৰ পৰা এই পদসমূহৰ আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আনহাতে আৱেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ২৫ অক্টোবৰ।
বিজ্ঞাপন অনুসৰি ৫৪০ টা পদৰ ভিতৰত আছে ৪১৮ টা হেড কনিষ্টবল আৰু ১২২ টা উপ-পৰিদৰ্শকৰ পদ। এই পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে নূন্যতম উচ্চতৰ মাধ্যমিক।
আনহাতে আৱেদনকাৰীৰ নূন্যতম বয়সৰ সীমা ১৮ বছৰ নিৰ্ধাৰণ কৰাৰ লগতে উচ্চতম সীমা ২৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে বয়সৰ উচ্চতম সীমাৰ ক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক কিছু ৰেহাই দিয়া হ'ব।
এই পদসমূহত নিযুক্তি লাভৰ বাবে প্ৰাৰ্থীসকলে প্ৰথমে শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াত উত্তীৰ্ণসকলে পৰৱৰ্তী সময়ত লিখিত পৰীক্ষা, দক্ষতাৰ পৰীক্ষা, টাইপিং পৰীক্ষা আদিত অৱতীৰ্ণ হ'ব লাগিব। সবিশেষ জানিবৰ বাবে আগ্ৰহী সকলে চি আই এছ এফৰ অফিচিয়েল ৱেবচাইটলৈ গৈ নিযুক্তি সম্পৰ্কীয় বিজ্ঞাপন চাব পাৰিব।