বিহাৰৰ পতিতালয়ত উদ্ধাৰ অসমৰ যুৱতী-কিশোৰীঃ গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী

বিহাৰৰ পতিতালয়ত উদ্ধাৰ অসমৰ যুৱতী-কিশোৰীঃ গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ ৰাজ্যত সক্ৰিয় নাৰী দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ ৷ গুৱাহাটীত নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি বিহাৰৰ পতিতালয়ত বিক্ৰী হোৱা কিশোৰী-যুৱকীক উদ্ধাৰ কৰিছে ভঙাগড় আৰক্ষীয়ে ৷ লগতে উক্ত ঘটনাৰ লগত জড়িত মহিলাসহ ৪ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ জালত পৰা ধৃত সৰবৰাহকাৰী কেইজন ক্ৰমে ইদ্ৰিছ আলী (২৭) , চিকন্দৰ আলী (৪৮), তানবীৰ আলম (৩৫) আৰু খাইৰুন নেছা (৩০) ৷

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, কামৰ সন্ধানত দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰি পল্টন বজাৰ ৰে’ল ষ্টেচনলৈ গৈছিল তৰুণ নগৰৰ এগৰাকী যুৱতী আৰু এগৰাকী কিশোৰী। পল্টন বজাৰ ৰে’ল ষ্টেচনত চিকন্দৰ আলী আৰু ইন্দ্ৰিছ আলীক লগ পাইছিল ভুক্তভোগীয়ে ৷ চিকন্দৰ আলী, ইন্দ্ৰিছ আলীৰ লগতে পত্নী বাবলিয়ে খাইৰুন নেছাৰ সহযোগত দুয়োকে সহায় কৰাৰ চলেৰে বাছযোগে লৈ গৈছিল শিলিগুৰিলৈ ৷

তাতেই দুয়োগৰাকীক ১,১০,০০০ টকাত বিহাৰৰ এজন লোকক বিক্ৰী কৰিছিল সৰবৰাহকাৰীয়ে ৷ ইয়াৰ পিচতে এই চক্ৰটোৰ লগত জড়িত তনবীৰ আলমে ভুক্তভোগীৰ কিশোৰীৰ ভাতৃলৈ তেওঁলোকৰ মুক্তিৰ বাবত ৩০ হাজাৰ টকা দাবী কৰিছিল ৷

লগে লগে ভুক্তভোগীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ভঙাগড় থানাত ভাৰতীয় দণ্ডবিধিৰ 363 / 370/370A/365/366/372/ 120B অধীনত 87/24 গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। অভিযুক্তৰ ফোন নম্বৰ ট্ৰেক কৰি ভঙাগড় আৰক্ষীৰ দল বিহাৰত উপস্থিত হয়। বিহাৰত আৰক্ষীয়ে তনবীৰ আলমক গ্ৰেপ্তাৰ কৰি দুই ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ লগত জড়িত চক্ৰটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in