ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অৱসৰৰ দুদিনমানৰ পূৰ্বে প্ৰদান কৰা এই ৰায়ক এতিয়া দেশজুৰি চৰ্চা।
উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ৰায় প্ৰদান কৰিছে যে, দেশৰ মঠ-মন্দিৰ-মছজিদ-গীৰ্জা ইত্যাদি ধৰ্মীয় অনুষ্ঠানত কৰ্মৰত পূজাৰীজাতীয় লোকসকলেও এতিয়াৰে পৰা কৰ দিব লাগিব। দেশত আইন সকলোৰে বাবে সমান- এই উদ্ধৃতিৰে উচ্চতম ন্যায়ালয়ে এই লোকসকলক কৰ ৰেহাই দিয়া প্ৰসংগটো অগ্ৰাহ্য কৰে।
দৰাচলতে দেশৰ একাংশ গীৰ্জাত কৰ্মৰত পাদৰীয়ে তেওঁলোকে উপাৰ্জন কৰা ধন কৰ ৰেহাই দিবলৈ আবেদন কৰিছিল মাদ্ৰাছা আদালতক। মাদ্ৰাছ আদালতে এনে প্ৰায় ৯৩খন আবেদন অগ্ৰাহ্য কৰিছিল। তাৰ পিছতে এই প্ৰসংগটো হৈ পাইছিলগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া।
উক্ত প্ৰসংগটোক লৈ যোৱা ৭নৱেম্বৰ, ২০২৪ত দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত বহা এখন বিচাৰপীঠে ৰায় প্ৰদান কৰে। এই ৰায়ত উচ্চতম ন্যায়ালয়ে মাদ্ৰাছ আদালতৰ ৰায়কে বাহাল ৰাখে। আৰু দেশত সকলোৰে বাবে আইন সমান উদ্ধৃতি প্ৰদান কৰি কয় যে, কেৱল গীৰ্জা বুলিয়েই নহয় দেশৰ সকলো ধৰ্মীয়ানুষ্ঠানত কৰ্মৰত লোকে ভৰিব লাগিব কৰ।
উচ্চতম ন্যায়ালয়ে এই ৰায়ত স্পষ্ট ৰূপত কয় যে, ভাৰতৰ কৰ আইন সকলোৰে বাবে সমান। সেই ব্যক্তি লাগিলে যি ধৰ্মৰেই নহওঁক কিয়। মুঠৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পাছতে স্পষ্ট হ'ল যে, এতিয়াৰে পৰা পূজাৰী, পণ্ডিতৰ পৰা আদি কৰি সকলোৱে কৰ ভৰিব লাগিব। ইয়াত নাই কোনো ৰেহাই।