মায়ঙত দশম শ্ৰেণীৰ ছাত্ৰী দুমাহ ধৰি নিৰুদ্দেশ, মাতৃৰ বিৰুদ্ধে অভিযোগ পিতৃৰ...

মায়ঙত দশম শ্ৰেণীৰ ছাত্ৰী দুমাহ ধৰি নিৰুদ্দেশ, মাতৃৰ বিৰুদ্ধে অভিযোগ পিতৃৰ...

author-image
Asomiya Pratidin
New Update
মায়ঙত দশম শ্ৰেণীৰ ছাত্ৰী দুমাহ ধৰি নিৰুদ্দেশ,  মাতৃৰ বিৰুদ্ধে অভিযোগ পিতৃৰ...

ডিজিটেল সংবাদ, মায়ং: যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ প্ৰতিৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে,তেনে সময়ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাল্য বিবাহ ৰ প্ৰচলন অব্যাহত আছে।তাৰে কিছু বাল্য বিবাহ আৰক্ষীৰ তত্পৰতাত বন্ধ হৈছে যদিও আৰক্ষীয়ে গম নোপোৱাকৈ বহু বিবাহ গোপনে চলি আছে।এই ক্ষেত্ৰত হাত উজান দিছে একাংশ পিতৃ মাতৃয়ে।

মৰিগাঁও জিলাৰ মায়ং অঞ্চলত যোৱা এটা বছৰত কেইবাখনো তেনে বাল্য বিবাহ গোপনে হৈ গৈছে ।নাবালিকা ছোৱালীক বিয়া পতাই দি আৰক্ষীৰ জালত পৰাৰ ভয়ত অভিভাৱক সকলে লৰা (দৰা) কেইটাক কেৰালাত কাম কৰিবলৈ পঠিয়াই দিয়ে । আজিৰ ঘটনাটো কিছু পৃথক।

মায়ঙৰ গাগলমাৰীৰ বৰকুৰানী গাঁৱৰ আবুল হুছেইন। তেওঁৰ একমাত্ৰ ১৫ বছৰীয়া কন্যা জনী যোৱা ২ মাহ ধৰি সন্ধান হীন হৈ আছে। এজন যুৱকৰ সতে দুমাহ পূৰ্বে বিয়া হোৱাৰ উদ্দেশ্য লৈ পলাই যোৱাৰ পাছত আবুল হুছেইনৰ প্ৰথমা পত্নী অৰ্থাত বিচ্ছেদ হোৱা চমলা খাতুনৰ এজাহাৰৰ ভিত্তিত মৰিগাঁও সদৰ আৰক্ষীয়ে উদ্ধাৰ কৰি চমজাই দিয়ে। তাৰ কেইদিনমান পিছত পুনৰ ঘৰৰ পৰা নিৰুদ্দেশ হয়।

দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ পিতৃ আবুল হুছেইনে দাখিল কৰা এজাহাৰ মতে , আবুল হুছেইনৰ বৰ্তমানৰ পত্নী মাহফুজা বেগম আৰু মাহফুজাৰ দুই জ্যেষ্ঠ ভাতৃৰ সহযোগত কোনোবা যুৱকৰ হাতত গতাই দিয়া হৈছে কিশোৰী গৰাকীক।কিন্তু বৰ্তমান কত আছে,কাৰ সতে পলুৱাই পঠালে তাৰ কোনো সন্ধান উলিয়াব পৰা নাই।কিশোৰী গৰাকীৰ পিতৃ বৰ্তমান চিন্তিত হৈ পৰিছে।একমাত্ৰ কন্যাৰ নিৰুদ্দেশ হৈ থকাৰ আৰত নিজ পত্নী জৰিত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আবুলে ।

উল্লেখযোগ্য যে এইদৰেই এচাম পিতৃ মাতৃৰ সহযোগত বাল্য বিবাহ সম্পন্ন হৈ আছে মায়ঙৰ ভিতৰুৱা গাওঁ বোৰত। আৰক্ষীয়েও বিষয় টো বৰ বেছি গুৰুত্ব সহকাৰে লোৱা নাই বুলি জানিবলৈ দিয়ে ।কাৰণ এয়া এখন পৰিকল্পিত নাটক বুলি বহু লোকে আৰক্ষীক ইতিমধ্যেই অৱগত কৰিছে।এবাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি দিয়াৰ পিছত পুনৰাই পলুৱাই পঠিয়াই দিয়ে।কিন্তু এগৰাকী কিশোৰীক লৈ কিহৰ ইমান তামাচা তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।আবুল হুছেইন আৰু তেওঁৰ দুই পত্নীৰ মাজত চলি থকা বাদানুবাদৰ বাবেই এগৰাকী কিশোৰী এতিয়া কাৰোবাৰ কামনাৰ বলি হৈছে নেকি ?এই মূহুৰ্তত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

Also Read: এসপ্তাহত অসম চৰকাৰে লৈছে ৭৫০কোটিৰ ঋণ! ১লাখ ৫৫হাজাৰ কোটিলৈ বৃদ্ধি ঋণৰ বোজা..

মায়ং