বৰদলনি উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া...

বৰদলনি উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া...

author-image
Asomiya Pratidin
New Update
বৰদলনি উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া...

বৰদলনি উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া...

ডিজিটেল সংবাদ ধেমাজি: 'কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা শিক্ষক নিযুক্তিৰ কেলেংকাৰীৰ ক'লা দাগৰ পৰা অসমৰ ৰাইজ আজিও মুক্ত হ'ব পৰা নাই, যাৰ ফলত অসমৰ শিক্ষা ব্যৱস্থাটোৱেই দেশৰ ভিতৰত পয়ালগা আৰু দুৰ্নীতিগ্ৰস্ত।'- এই মন্তব্য প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ ৷

বৰদলনিত যোৱা ২৮ ডিচেম্বৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত শুকুৰবাৰে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শইকীয়াই কয় যে, ৫/৬ বাৰ মেট্ৰিক পৰীক্ষা দি ফেইল কৰি শেষত কম্পাৰমেন্টল পৰীক্ষাৰে উত্তীৰ্ণ হোৱা লোক যেতিয়া শিক্ষক হয় তেতিয়া চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ ভৱিষ্যত অন্ধকাৰ হোৱাতো নিশ্চিত ৷

চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰি নিজৰ পুতেকক চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ধ্বংসযজ্ঞ মাতি অনা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে শইকীয়াই ৷ ভাষণত শইকীয়াই কয় যে, বতৰ্মান অসমৰ শিক্ষা বিভাগত ছাত্ৰ-ছাত্ৰীতকৈ শিক্ষকৰ সমস্যাহে বেছি বুলি উল্লেখ কৰে।

তেওঁ কয়, যেতিয়ালৈকে শিক্ষকে দ্বায়ৱদ্বতাৰে আৰু নিষ্ঠা সহকাৰে শিক্ষকতা নকৰে তেতিয়ালৈকে অসমৰ শিক্ষা খণ্ডৰ এই কলংকিত অধ্যায়ৰ শেষ নহ'ব ৷ অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ বতৰ্মানৰ অৱস্থাকলৈ চিন্তিত হৈ পৰাৰ কথা উল্লেখ কৰে নিতুমণি শইকীয়াই ৷

ভাষণত তেওঁ কয়, দেশ স্বাধীন হোৱাৰ পূৰ্বে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অবিভক্ত লখিমপুৰ জিলাৰ প্ৰথমগৰাকী বিজ্ঞানৰ স্নাতক হোৱাৰ গৌৰৱ অৰ্জন কৰা বেনুধৰ হাজৰিকাই বৰদলনিত শিক্ষাৰ বীজ ৰোপণ কৰি উচ্চ শিক্ষাৰ পাতনি মেলাৰ ফলতেই এই বিদ্যালয়ৰ পৰা শিক্ষাৰ্থী গৈ আমেৰিকা, আফ্ৰিকা, লণ্ডন দিল্লী আদিত বৰদলনিৰ নাম উজলাই তুলিছে ৷ সেইগৰাকী মহান ব্যক্তি স্বৰ্গীয় বেনুধৰ হাজৰিকাৰ কৰ্মৰাজীৰ বিষয়ে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মক জানিবলৈও তেওঁ আহ্বান জনায় ৷

আদৰণি সমিতিৰ সভাপতি তথা ধেমাজিৰ বিধায়ক ডা° ৰনোজ পেগুৱে সভাপতিত্ব কৰি ছাত্ৰই দেশৰ ভবিষ্যতৰ নাগৰিক হ'বলৈ হ'লে পঢ়াশুনাৰ সামান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে কাৰিকৰী শিক্ষা আৰু স্বনিয়োজনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব লাগিব বুলি উল্লেখ কৰি চৰকাৰী খণ্ডৰ শিক্ষকসকলে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিবৰ্তে চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবলৈ আহ্বান জনায় ৷

মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সম্পাদক তথা বিদ্যালয়ৰ অধ্যক্ষ জ্যোৎস্না বৰগোহাঁইয়ে ৷ মুকলি সভাত মহাৰজত জয়ন্তী সমাৰোহৰ বাবে নগদ ৬ লাখ টকা প্ৰদান কৰি কায়িক মানসিক ভাৱে সহায় সহযোগিতা আগবঢ়োৱা বৰদলনিৰ সুসন্তান তথা লখিমপুৰৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী লক্ষীনাৰায়ন চুতীয়া আৰু তেওঁৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱা চুতীয়াক স্মাৰক, মানপত্ৰ, গামোচা আদিৰে বিশেষ ভাৱে সম্বৰ্ধনা জনায় ৷

মুকলি সভা উদ্বোধন কৰে ধেমাজিৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কবিতা ডেকাই ৷ মুকলি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁই বিশেষ বক্তা হিচাপে উপস্থিত থাকে৷ মুকলি সভাত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক শিৱ প্ৰসাদ দত্ত, ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ, ডিব্ৰুগড় জিলাৰ অৱসৰপ্ৰাপ্ত পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকা, ভাৰতীয় ঔদ্যোগিক প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক মনোজ দাস, নৰ্থ বেংক কলেজৰ অধ্যক্ষ ড° যুগল শইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি যোগেশ্বৰ শৰ্মাই সন্মানীয় অতিথি হিচাপে আৰু ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ৰবি দাস, প্ৰভাত বৰুৱা, দুলাল দাস, দিগন দত্ত, ডিম্বেশ্বৰ শইকীয়া, হেমপ্ৰভা ফুকন, ড° সৰ্বেশ্বৰ চুতীয়া, মোহন শইকীয়া,আদি শিক্ষাবিদসকলে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷

মুকলি সভাৰ পূৰ্বে অনুষ্ঠিত বঁটা বিতৰনী আৰু সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মোহন দাসে ৷ সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া সচিব নৱডেকা বৰুৱাই ৷ শুকুৰবাৰে অন্তিম দিনা পুৱা পৰিবেশ নিকাকৰন আৰু বৰগীত প্ৰতিযোগিতাৰ পাছতেই পুৱা ১১:০০ বজাত বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে।

এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি মহাকাশ বিজ্ঞানী ড° প্ৰিয়ংকা দাস ৰাজকাকতীয়ে ৷ ৭৫ গৰাকী আয়তী, হুচৰি, গায়ন, বায়ন, বড়ো, মিছিং, সোনোৱাল কছাৰী, তিৱা, ৰাভা, হাজং, নেপালী, আদি জনগোষ্ঠীয় নৃত্যৰ দলে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় যোগ, জয়মতী, পঞ্চ পাণ্ডৱ, জয়মতী, বীৰ লাচিত আদি মহান অসমীয়া।

ইয়াৰোপৰি পৰিৱেশন কৰা হয় দিহানাম। শোভাযাত্ৰাৰ অংশ প্ৰকাণ্ড হাতীয়েও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এই বৰ্ণাঢ্য বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰাা বৰদলনি ছোৱালী হাইস্কুলৰ খেলপথাৰৰ পৰা গৈ মৰমী হৈ দিহিঙীয়া গাঁৱহৈ ঘুৰি আহে।

পুৱাৰ পৰিৱেশ নিকাকৰন অনুষ্ঠানৰ আঁতধৰে বৰদলনিৰ বিশিষ্ট সমাজকৰ্মী তথা সদৌ অসম জাতীয় শ্বহীদ ও নিৰ্যাতিত পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উপ-সভাপতি খগেন হাজৰিকাই ৷ সন্ধিয়া সম্বৰ্ধনা সভাৰ আঁত ধৰে উদযাপন সমিতিৰ সহকাৰী সম্পাদক ৰবীন্দ্ৰ বৰগোহাঁইয়ে ৷

মহাৰজত জয়ন্তী উপলক্ষে বিদ্যালয়ৰ বন্দনা শীৰ্ষক এটি গীতেৰে সকলোকে আপ্লুত কৰে প্ৰাক্তন ছাত্ৰ মৃদুল দত্তই ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতেই সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ গীতৰ শৰাইত হাজাৰ হাজাৰ ৰাইজ উপস্থিত থাকে ৷

ক্লিক কৰি পঢ়কঃ বিবাদ, বিতৰ্ক, বিকাশেৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ- '২০২২'

নিতুমণি শইকীয়া বৰদলনি উচ্চ মাধ্যমিক বিদ্যালয়