কাইলৈৰ পৰা আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিঃ এই ৭টা চৰ্ত মানিলে পাব ২লাখ টকা...

কাইলৈৰ পৰা আৰম্ভ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিঃ এই ৭টা চৰ্ত মানিলে পাব ২লাখ টকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৩০ছেপ্টেম্বৰ, ২০২৪ৰ পৰা আৰম্ভ হব অসম চৰকাৰৰ এখন অভিলাষী আঁচনি। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰি কয় যে, ‘‘৩০ ছেপ্টেম্বৰত এটা নতুন আঁচনিৰ শুভ উদ্বোধন কৰা হ’ব । গুৱাহাটীৰ খানাপাৰাত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি’ৰ উদ্বোধন কৰি প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হ’ব ।

২ লাখ টকা প্ৰদান কৰাৰ এই আঁচনিত ২৫ হাজাৰ যুৱক-যুৱতীক প্ৰথম কিস্তিৰ ধন হিচাপে ৭৫ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব । ইয়াৰ পিছত তিনিদিনৰ প্ৰশিক্ষণ প্ৰদান কৰি আৰু ২৫ হাজাৰ টকাকৈ দিয়া হ’ব । এই এক লাখ টকাৰ সদ্ব্যৱহাৰ কৰিলে পুনৰ এক লাখ টকাকৈ দিয়া হ’ব । আনহাতে আঁচনিখনৰ অধীনত পুনৰ আৰু ৭৫ হাজাৰ যুৱক-যুৱতীক সামৰি লোৱা হ’ব।

উল্লেখ্য যে আঁচনিখনৰ যোগেদি কেতবোৰ নিয়মৰ মাজেৰে লাভ কৰিব পৰা যাব ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা ৷ ইয়াৰ বাবে কেতবোৰ চৰ্ত তথা নিয়ম বান্ধি দিয়া হৈছে ৷ আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ পিছত স্ব-নিয়োজন, কৃষি আৰু উদ্যানশস্য, মীন পালন, হাঁহ-কুকুৰা তথা দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোছাক, গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেশ্যনেৰী, ফেব্ৰিকেচন তথা হাৰ্ডৱেৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কার্যকলাপক সামৰি লোৱা হ'ব ৷ আগন্তুক দুবছৰত আঁচনিখনৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীক সাঙুৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

হিতাধিকাৰীসকলে পূৰণ কৰিবলগীয়া চৰ্তসমূহ হৈছে -

১. হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়সৰ সীমা ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ'ব লাগিব

২. শিক্ষাগত অৰ্হতা নূন্যতম দশম শ্রেণী উত্তীর্ণ হ'ব লাগিব

৩. উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ (আই টি আই. ডিপ্লমা ইত্যাদি) বাবে প্ৰয়োজনীয় দক্ষতা, জ্ঞান আদি থাকিব লাগিব

৪. পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব

৫. হিতাধিকাৰী চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব

৬. প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এই সুবিধাৰ বাবে যোগ্য হ'ব

৭. ২০২৩ চনৰ ১ এপ্রিলৰ পূর্বে নিয়োগ বিনিময় কেন্দ্রত (Employment Exchange) পঞ্জীয়ন কৰিব লাগিব

মুখ্যমন্ত্রীয়ে লগতে এই পদক্ষেপে অসমত উদ্যমিতাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে উদ্যমীতাৰ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ বাবে গ্ৰহণ কৰা 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান'-এ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ ক্ষুদ্র উদ্যোগী যুৱক-যুৱতীসকলক উৎসাহিত কৰি স্ব-উপাৰ্জনৰ সুযোগ-সুবিধা প্রদান কৰিব ৷

মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত কয় যে, এখন আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাৰ দিশত আমি প্ৰতিশ্ৰুতিবদ্ধ ৷ শক্তিশালী নীতি আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ জৰিয়তে আমাৰ উদীয়মান যুৱক-যুৱতীসকলক তেওঁলোকৰ উদ্যমিতাৰ যাত্ৰাত কিছু সহায় আগবঢ়োৱাৰ প্ৰয়াস হিচাপে আমি 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান' আৰম্ভ কৰিবলৈ ওলাইছোঁ বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in