অবিনাশৰ নামত নামাকৰণ কৰা হ'ব নুনমাটিৰ ভৱানীপুৰৰ পথটোঃ মুখ্যমন্ত্ৰীৰ ঘোষণা...

অবিনাশৰ নামত নামাকৰণ কৰা হ'ব নুনমাটিৰ ভৱানীপুৰৰ পথটোঃ মুখ্যমন্ত্ৰীৰ ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ উন্মুক্ত নলাত পৰি মৃত্যু হোৱা অবিনাশ সৰকাৰৰ বাসগৃহত সোমবাৰে সন্ধিয়াভাগত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নুনমাটিৰ ভৱানীপুৰস্থিত মৃত অবিনাশৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সান্তনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অবিনাশৰ ঘৰত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে অবিনাশৰ ফটোত পুষ্পাঞ্জলি অৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে পিতৃ-মাতৃৰ সৈতে কিছু সময় বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আগন্তুক সময়ত সকলোধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰতে ভৱানীপুৰৰ উক্ত পথটো নিৰ্মাণ কৰি সেই পথটো অবিনাশৰ নামত নামাকৰণ কৰাৰ কথা ঘোষণা কৰে।

ইফালে মুখ্যমন্ত্ৰীৰ আগমনৰ পাছতে সন্তুষ্টি ব্যক্ত কৰে অবিনাশৰ পিতৃ হীৰালালে। পিতৃ হীৰালালে কয়- মুখ্যমন্ত্ৰীগৰাকীৰ কাম-কাজত আমি অতিকৈ সন্তুষ্ট হৈছো। তেওঁ আমাক যিধৰণে কৰিবলৈ কৈছে আমি সেইধৰণেই কামবোৰ কৰিছো।

ইফালে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত পিতৃগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতে সকলোধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লগতে এটা বিশেষ খামো তেওঁ আমাক প্ৰদান কৰিছে। ' উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতেও ঘটনাস্থলীত উপস্থিত হৈ সান্ত্বনা দিছিল অবিনাশৰ পিতৃ-মাতৃক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in