লাও সদায় পাতৰ তলত আৰু চৰকাৰ সদায় ৰাইজৰ তলতঃ ফেচবুক LIVEত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা...

লাও সদায় পাতৰ তলত আৰু চৰকাৰ সদায় ৰাইজৰ তলতঃ ফেচবুক LIVEত মুখ্যমন্ত্ৰীৰ  বিশেষ ঘোষণা...
Published on
Updated on

ডিজিটেল ডেস্কঃ লাও সদায় পাতৰ তলত আৰু চৰকাৰ সদায় ৰাইজৰ তলত – বুধবাৰে নিশা ফেচবুক লাইভত আহি এনেদৰে কলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোৱা কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভতেই ঘোষণা কৰিছিল যে, ৰাজ্যত অনুষ্ঠিত হবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি এইবাৰ এ পি এছ চিৰ আৰ্হিত কৰা হব। এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

জনতা তথা নৱপ্ৰজন্মৰ মাজত ভীষণ প্ৰতিক্ৰিয়া দেখি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো পুনৰ বিবেচনা কৰা হব বুলি বুধবাৰে ফেচবুক লাইভত ঘোষণা কৰে। তেওঁ কয় যে, এতিয়াও পৰীক্ষালৈ মাজত দুমাহতকৈ অধিক সময় বাকী আছে। গতিকে আমি ৰাইজৰ মাজত দেখা তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত সিদ্ধান্ত লৈছো যে, বিষয়টো পুনৰ বিবেচনা কৰিম। পূৰ্বৰ পদ্ধতিতেই পৰীক্ষা হয়তো অনুষ্ঠিত কৰা হব। জনতা-জনাৰ্দনৰ মতক আমি সদায়েই অগ্ৰাধিকাৰ দি আহিছো। কিয়নো লাও সদায় পাতৰ তলত আৰু চৰকাৰ সদায় ৰাইজৰ তলত।‘

উল্লেখ কৰা প্ৰয়োজন যে, এই বৰ্ষৰে ১৫, ২২, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব তৃতীয় বৰ্গৰ পৰীক্ষা। আৰু চলিত বৰ্ষৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হব চতুৰ্থ বৰ্গৰ পৰীক্ষা। আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অহা ৩অক্টোবৰত অনুষ্ঠিত হব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ৬,৪৩৪টা পদৰ বাবে নিযুক্তি দিব চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in