বিদ্যুৎ বিলৰ খেলিমেলিঃ মুখ্যমন্ত্ৰীয়ে ক'লে স্মাৰ্ট মিটাৰত আছে বিসংগতি...

এ পি ডি চি এল, শক্তি বিভাগৰ দায়িত্বহীনতা

author-image
Asomiya Pratidin
New Update
বিদ্যুৎ মাচুল! প্ৰতিমাহে গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত ১০ টকা

APDCL APDCL

ডিজিটেল ডেস্কঃ অত্যাধিক বিদ্যুৎ বিলে ৰাজ্যৰ জনসাধাৰণক ত্ৰাহি মধুসূদন কাঢ়িবলৈ বাধ্য কৰাইছে। প্ৰথমে সামাজিক মাধ্যমত এই সম্পৰ্কে দুই এজনে মত ব্যক্ত কৰাৰ পিছতে ৰাজ্যজুৰি এই সম্পৰ্কত বিতৰ্কৰ সূচনা হৈছে।

এ পি ডি চি এলে ইচ্ছাকৃতভাৱে প্ৰতিজন উপভোক্তালৈ অত্যাধিক বিদ্যুতৰ বিল প্ৰেৰণ কৰা বুলি চৰ্চা চলি থকাৰ মাজতে বিষয়টো বিধানসভাৰ মজিয়াতো উত্থাপন হৈছে। ৰাজ্যজুৰি বিদ্যুৎ বিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে এক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এ পি ডি চি এলক এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটাৰ হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি বিদ্যুৎ মাচুল বৃদ্ধিৰ গাফিলতি দূৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছে যে, বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই। নতুনকৈ সংযোজিত স্মাৰ্ট মিটাৰতহে ধৰা পৰিছে গাফিলতি।

উল্লেখ্য যে, স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবেই বিদ্যুৎ বিল বৃদ্ধি পোৱা বুলি একাংশ লোকে আশংকা কৰিছিল যদিও শক্তি বিভাগ তথা এ পি ডি চি এলে নতুন স্মাৰ্ট মিটাৰৰ বাবে এনে হোৱা নাই বুলি স্পষ্টিকৰণ দিছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটাৰ হেণ্ডেলৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ গাফিলতি ধৰা পৰিছে বুলি প্ৰকাশ কৰাত এতিয়া শক্তি বিভাগ তথা এ পি ডি চি এলৰ উপভোক্তাক লৈ কিমান দায়িত্বহীন সেই কথাকেই প্ৰমাণ কৰিলে।

apdcl cm himanta biswa sarma NANDITA GARLOSA